কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে ৰাজ্যত দিয়া তলাবন্ধৰ বাবে ৰাজ্যত বিলৈ বিপত্তি নোহোৱা হৈছে ৰাজ্যৰ বহুসংখ্যক লোকৰ৷পৰিশ্ৰমৰে পৰিয়ালক পোহপাল দিয়াৰ বাবেই কৰ্ণাটকত হোণ্ডা কোম্পানীৰ কৰ্মচাৰী হিচাপে নিয়োজিত বাঁহবাৰী ডেকা চুবুৰীৰ ছজন যুৱকৰ এতিয়া তলাবন্ধৰ সময়ত বিলাই বিপত্তিয়ে সীমা চেৰাই গৈছে৷
কাৰণ তেওঁলোকক কোম্পানীয়ে দিয়া নাই দৰমহা৷ দোকানে বন্ধ কৰিছে বাকীত সামগ্ৰী দিয়াতো৷ ইপিনে অসম চৰকাৰৰ হেল্পলাইন নম্বৰতো যোগাযোগ কৰিও এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই ৷ লগতে চৰকাৰে ঘোষনা কৰা সাহায্যও তেওঁলোকে পোৱা নাই। এতিয়া ভোকে লঘোনে নিজ ঘৰলৈ উভতি আহিবলৈ উদগ্ৰীৱ হৈ পৰিছে আৱদ্ধ লোকসকল ।