বিশ্বনাথৰ পাভৈত অৰ্ধশতাধিকক ফেঁচাৰ আক্ৰমণ

owl

সমগ্ৰ বিশ্ব মহামাৰী কৰ’না ভাইৰাছত কঁপিব ধৰিছে ৷তলাবন্ধৰ চতুৰ্থ পৰ্যায় পোৱাৰ সময়তে কিদৰে মহামাৰী কৰ’নাই কাল ৰূপ ধাৰণ কৰিছে সেয়া সকলোৰে দৃষ্টি গোচৰ হৈছে ।এনে সময়তে বিশ্বনাথ পাভৈ পাঁচআলিত দেখা গৈছে ফেঁচাৰ আতংক ৷এফালে ফেঁচাৰ আতংক আৰু আনফালে কৰ’নাৰ আতংকই লোকসকলক মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

তলাবন্ধৰ বাবেই প্ৰকতিও শান্ত হোৱাৰ সময়ত আক্ৰমণাত্মক হৈ উঠিছে এটা ফেঁচা। উল্লেখযোগ্য যে ফেঁচাটোৱে পাঁচআলিত প্ৰায় অৰ্ধ শতাধিক লোকৰ আক্ৰমণ কৰে। গতিকে জীৱশ্ৰেষ্ঠ মানৱে তলাবন্ধ উলংঘা কৰাটো সম্প্ৰতি বনৰীয়া ফেঁচাও সহ্য কৰিব নোৱাৰি আক্ৰমণাত্মক হৈ উঠিছে।

Exit mobile version