ৰাজ্যত পুনৰ দুজনৰ শৰীৰত কৰ’না ভাইৰাছ

IMG 20200516 WA0030

ৰাজ্যত পুনৰ ২ জনৰ শৰীৰত কৰ’না ভাইৰাছ।

সম্প্ৰতি ৯১ জনলৈ বৃদ্ধি পালে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷

নতুনকৈ আক্ৰান্ত দুজন মহানগৰীৰ আলুৰ গুডামৰ লগত জড়িত।

ইয়াৰ পূৰ্বে আলুৰ গুডামত কৰ্মৰত মংগু চাহানীৰ শৰীৰত পোৱা গৈছিল কৰ’না ভাইৰাছৰ অৱস্থিতি ৷

ইয়াৰ লগে লগে কামৰূপ মহানগৰ প্ৰশাসনে মংগু চাহানীৰ সংস্পৰ্শলৈ অহা প্ৰায় ৩২ জন লোকক কোৱাৰেন্টাইনত ৰাখিছিল ।

আৰু প্ৰশাসনে ছীল কৰিছিল ফাঁচী বজাৰৰ কে’বাটাও অঞ্চল৷

সম্প্ৰতি ৰাজ্যত কৰ’নাত ৯১ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৪১ জন সুস্থ হৈ উঠিছে,৪৬ জন চিকিৎসাধীন হৈ আছে আৰু ২ জনৰ মৃত্যু হৈছে ৷

 

Exit mobile version