চামতাত  চোৰে কাণ  কাটি লুটি  নিলে সোণৰ গহনা ঃ চিকিৎসাধীন বৃদ্ধা

নলবাৰী জিলাৰ চামতা নাজিৰ পাৰাত শনিবাৰে নিশা এটি পৰিয়ালত চোৰ প্ৰৱেশ কৰি বয়বস্তু, নগদ ধন লুট কৰাৰ লগতে এগৰাকী বৃদ্ধাৰ কাণৰ লটি কাটি গহনা চুৰি কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে বেলশৰ থানাৰ অন্তৰ্গত চামতা ৰূপীয়াবাথান গাঁওৰ নাজিৰ পাৰা নিৱাসী , অসম চৰকাৰৰ কোপাৰটিভ চোছাইটি বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী তাৰিণী বৰ্মনৰ ঘৰৰ কেচা ৰান্ধনী ঘৰত শনিবাৰে নিশা দুৱাৰ ভাঙি চোৰ প্ৰৱেশ কৰে । চোৰে ৰান্ধনী ঘৰত থকা ৮ জোৰ কাঁহৰ কাঁহী-বাতি, মোবাইল ফোন, মাণিবেগৰ পৰা প্ৰায় দুই হাজাৰ নগদ ধন লুট কৰাৰ উপৰিও  কাণৰ কাণফুলিজোৰো  চুৰি কৰিব লয় ।
এপাট কাণফুলি খোলাৰ পাছত দ্বিতীয় পাত খুলিব লোৱাৰ সময়তে বৃদ্ধা সাবিত্ৰী বৰ্মনে সাৰ পায় আৰু চিঞৰি চিঞৰি নিচেই ওচৰৰ পকী ঘৰত থকা পুত্ৰ -বোৱাৰী  আৰু স্বামীক মাতিব ধৰে । ইয়াৰ পাছতে চোৰে বৃদ্ধা গৰাকীৰ কাণৰ লটিটো কাটি গহনা লুটকৰি তৎ মূহুৰ্ততে উধাও হয় । নিশা প্ৰায় দুই বজাত ধুমুহা বৰষুণ দি থকাৰ গইনা লৈ  কাণৰ লটি কাটি সংঘটিত কৰা চুৰি কাৰ্যৰ ফলত আজি বৃদ্ধা গৰাকী চিকিৎসাধীন হ’ব লগা হয় । পাছত ঘটনাস্থলীত উপস্থিত ৰাইজে চোৰে এৰি যোৱা এটা মোনা আৰু এটি ছাতি উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত চামতা আৰক্ষী চকীত এজাহাৰ দিয়াত আজি পুৱা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ  প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও এই পর্যন্ত কাকো আটক কৰিব পৰা নাই ।
Exit mobile version