শ্ৰী শ্ৰী বটদ্ৰৱা থানত এতিয়া কেৱল বিৰাজ কৰিছে নিস্তব্ধতা

IMG 20200517 WA0003
তীব্ৰ আৰ্থিক সংকটত বটদ্ৰৱা থান : আদায় দিব পৰা নাই কৰ্মচাৰী-সেৱকৰ মাননি
বছৰৰ বাৰ মাহৰ প্ৰতিটো দিনতেই ৰাজ্য খনৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰী, দৰ্শনাৰ্থী আৰু ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত সম্প্ৰতি বিৰাজ কৰিছে নিমাওমাও পৰিৱেশৰ । কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা তলাবন্ধৰ বাবে ইতিহাস প্ৰসিদ্ধ থানখনলৈ আগমন ঘটা নাই তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ । সেয়েহে থানখনৰ কীৰ্তন ঘৰ, দুই পদশিলা, দৌল মন্দিৰ আৰু সতী ৰাধিকা মন্দিৰত চৈধ্য প্ৰসংগৰ বাহিৰে কোনো ধৰণৰ কাৰ্যসূচীয়েই অনুষ্ঠিত কৰা নাই । ইতিহাস প্ৰসিদ্ধ থানখনত নিতৌ মাত্ৰ তিনি জনকৈ ভকতে সলনা-সলনীকৈ সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি চলি দুই পদশিলা, কীৰ্তনঘৰ আৰু দৌল মন্দিৰত চৈধ্য প্ৰসংগ অব্যাহত ৰাখিছে । আগতে দুপৰীয়াৰ প্ৰসংগত কীৰ্তনঘৰ আৰু দৌল মন্দিৰত অগনন ভক্তৰ সমাগম হয় যদিও তলাবন্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা এই প্ৰসংগত কোনো তীৰ্থযাত্ৰী আৰু অন্য ভকতৰ আগমন ঘটা নাই । তলাবন্ধৰ এই  দীঘলীয়া সময় ছোৱাত থান খনলৈ মাত্ৰ তিনি গৰাকী দৰ্শনাৰ্থীৰ আগমণ ঘটিছে বুলি জানিব পৰা গৈছে । এওঁলোক হ’ল জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, ডিমৰীয়া কলেজৰ সহযোগী অধ্যাপক ডঃ মোহিনী মোহন ডেকা আৰু তেওঁৰ পত্নী ।
 শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আজি “দৈনিক অগ্ৰদূত”ৰ আগত প্ৰকাশ কৰা অনুসৰি, যিহেতু থান খন তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ দান-বৰঙণি আৰু শৰাইৰ লগত দিয়া অৰিহণাৰ ধনৰেই পৰিচালিত হয় সেয়েহে তলাবন্ধৰ বাবে আৰ্থিক সংকটত পৰিছে । যোৱা ৫৫দিনত থান খনলৈ মাত্ৰ তিনি গৰাকী দৰ্শনাৰ্থীৰ আগমণ ঘটিছে । এতিয়া থানৰ অৰিহণাৰ বাকচ উদং । আগতে থান খনত মাহিলী দুইৰ পৰা আঢ়ৈ লাখ টকা অৰিহণাৰ পৰাই সংগ্ৰহ হয় । প্ৰতি তিনি মাহৰ মূৰত অৰিহণাৰ বাকচ খুলিলে চাৰিৰ পৰা ছয় লাখ টকা পৰ্যন্ত ওলায়।” থানখনৰ আয়ৰ পথ ৰুদ্ধ হৈ পৰাত পৰিচালনা কৰাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি সদৰী কৰি বৰুৱাই আৰু কয়,”এতিয়া যিহেতু অৰিহণা নাই সেয়েহে আগৰ জমা ধনৰেই থান খন পৰিচালনা কৰি থকা হৈছে । তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ আগমণ নঘটাৰ বাবে দৈনিক প্ৰয়োজন হোৱা মগু মাহ আৰু বুট কিনাৰ খৰচ এতিয়া তেনেই নগণ্য । আগতে দিনে গড়ে ডেৰ-দুই কুইন্টলকৈ মগু-বুট কিনিব লগীয়া হৈছিল যদিও এতিয়া দিনে তিনি-চাৰি কেজি মগু মাহৰেই শৰাইৰ কাম চলাই থকা হৈছে । দৌল উৎসৱৰ সময়ত উঠা মগুৰেই সেই কাম চলাই থকাত মগু কিনিব লগীয়া হোৱা নাই ।
অৱশ্যে নৈবেদ্যৰ উপকৰণৰ সামগ্ৰী কেইবিধমান কিনিব লগা হৈছে।তলাবন্ধৰ সময় ছোৱাত থানৰ মগু কিনাৰ খৰচ কমিলেও অন্য খৰচ একেই আছে । আমি থানৰ কৰ্মচাৰী-সেৱকৰ মাহিলী মাননিৰ বাবদ প্ৰতি মাহে ৭৯হেজাৰ টকা আদায় দিব লাগে । আমাৰ থানত দুজন কাৰ্যালয় সহায়ক, এজন কম্পিউটাৰ অপাৰেটৰ, এজন ইলেক্ট্ৰিচিয়ান, কীৰ্তন ঘৰৰ সেৱক, নৈবেদ্য গৃহৰ সেৱক, পৰ্যটন নিৱাসৰ তত্বাবধায়ক, চাফাই কৰ্মচাৰী সহ মুঠ ২৭জন‌ কৰ্মচাৰী-সেৱক আছে । এওঁলোকৰ মাৰ্চ মাহৰ মাননি এপ্ৰিল মাহত আদায় দিয়া হৈছে যদিও এপ্ৰিল মাহৰ মাননি এতিয়াও আদায় দিব পৰা নাই । তাৰোপৰি, থান খনত লাইটৰ বিল, জেনেৰেটৰৰ তেল, অন্যান্য আনুসংগিক খৰচৰ নামতো ২০-২৫হেজাৰ টকা খৰচ হয় । এতিয়া যিহেতু অৰিহণা নাই সেয়েহে আগৰ জমা ধনৰেই চলাই থকা হৈছে, কিন্তু আৰু দুমাহৰ পাছত আমি থান পৰিচালনাৰ ক্ষেত্ৰত ধনৰ নাটনিত ভুগিম।” তলাবন্ধৰ সময়ছোৱাত থান খনৰ চৌহদ, পবিত্ৰ আকাশী গংগাৰ পাৰ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্য্যৰ আকৰ হৈ পৰিছে । অৱশ্যে থান চৌহদক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰিছে থান পৰিচালনা সমিতিয়ে।
Exit mobile version