ক্ৰমাৎ শক্তিশালী হৈছে ঘূৰ্ণী বতাহ আমপান ৷ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বংগোপসাগৰৰ পশ্চিম আৰু মধ্যম খণ্ডত অতি তীব্ৰ গতিৰে আগবাঢ়ি অহা আমপানে মহাঘূৰ্ণী অৰ্থাৎ “ছুপাৰ চাইক্লন” ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতি ঘন্টাত প্ৰতি কিলোমিটাৰত ইয়াৰ গতিবেগ দুশৰো অধিক হৈছে ৷ আগন্তুক ২৪ ঘন্টাৰ ভিতৰত আমপানৰ শক্তি বহুগুণে বৃদ্ধি পাব ৷ শক্তিশালীৰ পৰা মহাশক্তিশালী ৰূপ ধাৰণ কৰা আমপানে গতিবেগ ঘন্টাত প্ৰতি কিলোমিটাৰ ২৩০ ৰ পৰা ২৬৫ পৰ্যন্ত ৷কিন্তু যদি ই ২০ মে’ৰ পূৰ্বে ভূ ভাগত খুন্দা মৰাৰ পূৰ্বে সাগৰতে ক্ৰমাৎ দুৰ্বল হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই তথ্য প্ৰকাশ কৰিছে ।
পশ্চিম মধ্য বংগোপসাগৰৰ ওপৰত অৱস্থান কৰা আমপানে কিছু ঘন্টাৰ ভিতৰতে বক্ৰগতিলৈ উত্তৰ পূৰ্বাঞ্চলৰ দিশলৈ আগুৱাবলৈ আৰম্ভ কৰিব ৷সম্প্ৰতি আমপান পাৰাদ্বীপৰ পৰা প্ৰায় সাতশ কিলোমিটাৰ নিলগত আছে । মহাঘূৰ্ণী ৰূপ ধাৰণ কৰাৰ ফলত আমপানে ওড়িষাৰ উপকূলীয় অঞ্চল আৰু পশ্চিমবংগৰ উপকূলত একে সময়তে খুন্দা মাৰিব বুলি কোৱা হৈছে ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চল বাবে আমপানে ক্ষতিসাধন কৰিব বুলি পূৰ্বানুমান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘূৰ্ণী বতাহৰ গৱেষক বিজ্ঞানী সুনীতা দেৱীয়ে কয় যে সাম্প্ৰতিক পৰিস্থিতি বৰ্তমান পৰিস্থিতি মহাঘূৰ্ণীৰ বাবে অনুকূল হৈ আছে ।
কেন্দ্ৰটোৱে সকীয়াই দিয়া মতে,এই মহাঘূৰ্ণীৰ ফলত কেঁচা আৰু পুৰণি পকী ঘৰ দূৱাৰৰ ক্ষতি সাধন হ’ব পাৰে ৷বিদ্যুতৰ খুটা উভালি পেলাব পাৰে। ৰেল পথৰ সংযোগ বিছিন্ন হোৱাৰ লগতে কৃষিভূমি আৰু গছ গছনি ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। একেদৰে মাছমৰীয়া নাও আৰু সাগৰীয় জাহাজ ভাগি চূৰ্ণ বিচূৰ্ণ হ’ব পাৰে । এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সতৰ্কতামূলক বৈঠক সম্পন্ন কৰে ৷ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে জনসাধাৰণক চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ আশ্বাস দিয়ে ৷ আনহাতে জনসাধাৰণক উদ্ধাৰ কৰাৰ প্ৰসংগত এক বিবৃতিত কেন্দ্ৰীয় চৰকাৰে কয় যে ইতিমধ্যে ২৫ টা বাহিনী নিয়োগ কৰা হৈছে ৷ ১২ টা বাহিনী প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ সাজু কৰা হৈছে ৷দেশৰ বিভিন্ন স্থানত আৰু ২৪ টা এনে এন ডি আৰ বাহিনী প্ৰয়োজন সাপেক্ষে নিয়োগৰ বাবে সাজু কৰি ৰখা হৈছে।