তলাবন্ধৰ অনুভৱ : পুলক বেনাৰ্জী

pulak banerjee

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাক লৈ মই আতংকিত হোৱা নাই, কিন্তু এই ক্ষেত্ৰত মই যথেষ্ট সাৱধান হৈছো। সেয়ে তলাবন্ধৰ সময়ছোৱাত মই ঘৰতে আছো। এই সময়ছোৱাত মই এবাৰলেও বাহিৰলৈ যোৱা নাই। কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা বোৰ আখৰে আখৰে পালন কৰিছো।

কাৰণ আমাৰ সুৰক্ষাৰ বাবেহে চৰকাৰে এই নীতি-নিৰ্দেশনাসমূহ জাৰি কৰিছে । সেয়ে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম সমূহ নিজৰ লগতে আন দহজনৰ সুৰক্ষাৰ বাবে সঠিকভাৱে পালন কৰা উচিত। বিশেষকৈ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰখাৰ লগতে মাস্ক পৰিধান কৰা আৰু সঘনাই হাত ধোৱাৰ এক অভ্যাস গঢ়ি তোলা উচিত। এই নিয়মসমূহ যদি সঠিকভাৱে পালন কৰে, তেন্তে নিশ্চিতভাৱে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাব।

তলাবন্ধৰ সময়ছোৱাত মই বাহিৰলৈ ওলোৱা নাই যদিও দৈনন্দিন কামসমূহ নিয়াৰিকৈ কৰি আছো। এই ধৰক, প্ৰতিদিনে পুৱা ৪৫ মিনিটৰ পৰা এঘণ্টা পর্যন্ত নিয়মিত যোগাসন, প্রাণায়াম আদি কৰো। ইয়াৰ পিছতে এঘণ্টা-ডেৰ ঘণ্টা ধৰি গানৰ সাধনা কৰো। এইবিলাক কৰি আজৰি হোৱাৰ পাছত ঘৰৰ দৈনন্দিন কাম-কাজৰ চোৱা-চিতা কৰো।

এনেকৈয়ে পাৰ কৰিছো সময়বোৰ। ইতিপূৰ্বে উল্লেখ কৰিছো যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাক লৈ মই আতংকিত হোৱা নাই, কিন্তু ইয়াৰ ভয়াবহতাই মনত এক চিন্তাৰ উদ্ৰেক কৰিছে। বিশেষকৈ এই আতংকময় পৰিস্থিতিৰ কেনেকৈ উদ্ভৱ হ’ল? ক’ৰ পৰা আহিল? কেতিয়া শেষ হ’বা এই ভয়াবহতা। নিজে নিজে সৃষ্টি হোৱা নে কোনোবাই ইচ্ছাকৃত ভাৱে সৃষ্টি কৰিলে এই প্রশ্নসমূহ অনবৰতে মোৰ মনলৈ আহি আছে। এই কথাবোৰ ঘৰুৱাভাৱে বিভিন্নজনৰ লগত আলোচনাও কৰিছো।

লগতে সমাজৰ যিসকল দুখীয়া শ্ৰেণীৰ লোক লোক আছে সেইসকল লোক এনে এক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে দুৰ্যোগৰ সম্মুখীন হোৱা দেখি মই বাৰুকৈয়ে ব্যথিত হৈছো। কিয়নো তলাবন্ধৰ সময়ছোৱাত দুখীয়া শ্রেণীৰ লোকসকলৰ সকলো পথ ৰুদ্ধ হৈ পৰিছে। এনে পৰিস্থিতিত হৃদয়বান লোকসকলে আৰ্তজনৰ কাষত থিয় হোৱা দেখি ভাল পাইছো। মানৱীয় দৃষ্টিভঙ্গীৰে সকলোৱে হাতে হাতে ধৰি আগুৱাব লাগিব এই সময়ছোৱাত। মোৰ আছে কাৰণে খাইছো, তেওঁৰ নাই কাৰণে মৰিব সেয়াটো হ’ব নোৱাৰে। গতিকে এই সময়ছোৱাত দুখীয়া-দৰিদ্ৰজনৰ বাবে সকলোৱে সহায়ৰ হাত আগবঢ়াব লাগিব।

পৃথিৱীখন বৰ ধুনীয়া। এই পৃথিৱীখন জীয়াই থাকক। এই পৃথিৱী জীয়াই থাকিলে আমি সকলোৱে জীয়াই থাকিম। কৰ’নাক লৈ এতিয়ালৈকে মই তিনিটা নতুন গান গালো। ইয়াৰে এটা হৈছে ড° পৰিণীতা গোস্বামীৰ কথা আৰু মই সুৰ কৰা ‘ৰুদ্ধ আকাশ/ৰুদ্ধ বতাহ/ৰুদ্ধ পৃথিৱী আজিস্তব্ধ/মহামাৰী কৰ’নাৰ তাণ্ডৱ’শীৰ্ষক গীতটো হাইডৰা বাদৰ ৰামজী ষ্টুডিঅ’ৰ অনুৰোধত ই-টিভি ভাৰতৰ বাবে ঘৰতে মোবাইলেৰে ৰেকৰ্ডিং কৰিলো।

একেদৰে অসম চৰকাৰৰ হৈ ড° অনুপজ্যোতি চৌধুৰীৰ কথা আৰু জয়ন্ত দাস এ সুৰ কৰা ‘স্তব্ধ সময়/স্তব্ধ পৃথিৱী/কৰ’নাই ল’লে জীৱনকে ছানি’ শীৰ্ষক গীতটি ৰেকৰ্ডিং কৰাৰ পাছত দূৰদৰ্শনৰ বাবে ‘এবাৰ মাথোঁ/গোৱানা অ’ পৃথিৱী’ শীৰ্ষক গীতটি অনুৰূপ ধৰণে ৰেকৰ্ডিং কৰিলো। দূৰদৰ্শনৰ বাবে গীতটোৰ কথা আৰু সুৰ ভৱেশ কলিতা। এই গীত সমূহো ঘৰতে ৰেকৰ্ডিং কৰিছো সাৱধানতাৰ বাবে। এই বাবে কৰ’নাক লৈ মই মুঠেও ভয় খোৱা নাই।

মই পাৰ্যমানে এই ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিছো। ইয়াৰ পাছতে যদি কিবা হয়, তেন্তে সাহসেৰে মুখামুখি হ’বা লাগিব। যদি সাৱধানতা অৱলম্বন কৰো, তেন্তে কৰ’নাত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। তাৰ বাবে আৰম্ভণিৰে পৰা মই সাৱধান হৈ আছো। সকলোৱে এই মুহূৰ্তত নিজৰ নিজৰ বাবে সাৱধান হোৱা উচিত বুলিয়ে মই ভাবো।

Exit mobile version