“ডগ্টৰেট” ডিগ্ৰী লাভ কৰিলে মজ’ৱে

WhatsApp Image 2020 05 20 at 5.45.44 PM 1

প্ৰতিদিনে বিশ্বত হোৱা কিছুমান আজৱ খবৰ আমাক যথেষ্ট আপ্লুত কৰে । কাৰণ এইবাৰ আৰ্জেনিয়া পলিটেকনিক ইনষ্টিটিউট আৰু ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ল এটি কুকুৰক । অৱশ্যে এটি “ডক্টৰেট” ডিগ্ৰীটো “ডগ্টৰেট” ডিগ্ৰী হিচাপেহে চৰ্চা লাভ কৰিছে । ২০১৪ চনৰ পৰা ম’জ” নামৰ এটি কুকুৰ ভাৰ্জিনিয়া টেক পৰিয়ালৰ অবিচ্ছেদ্য অংগ হৈ পৰে । চলিত বৰ্ষৰ ১৬ মে’ত মজ’ৰ জৰিয়তে লোকসকলে কেনেকৈ মানসিক শক্তি সবল কৰিব পাৰে সেই বিষয়ে প্ৰকাশ পায় । ইয়াৰ লগে লগে মজ’ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে। ভাৰ্জিনিয়া মেৰীলেণ্ড কলেজ অৱ ভেটেনেৰী মেডিচিনে চলিত শৈক্ষিক বৰ্ষৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে মজ’ক ৷ ইতিমধ্যে মজ’ৰ সাফল্যৰ খবৰ ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ পোৱাৰ লগে লগে প্ৰায় ১৫০০ টা লাইক  লাভ কৰাৰ লগতে মজ’ৰ অনুৰাগীসকলে বিভিন্ন শুভেচ্ছা বাৰ্তাও প্ৰদান কৰে ৷ তাৰ মাজতে এগৰাকীৰ মন্তব্য “মজ’ তুমি সোণ” ৷ আন এগৰাকীৰ মন্তব্য “তুমি এই সাফল্যৰ যোগ্য” ৷

Exit mobile version