তলাবন্ধ-সান্ধ্য আইন আশীৰ্বাদ হৈছে ছিণ্ডিকেট চক্ৰৰ

IMG 20200520 130655

ছিণ্ডিকেটমুক্ত অসম গঢ়াৰ পদক্ষেপ গ্ৰহণৰ কথা সততে দাবী কৰি অহা বিজেপি চৰকাৰৰ কাৰ্যকালত তলাবন্ধ আৰু সান্ধ্য আইন অব্যাহত থকাৰ সময়তে শাসক পক্ষৰ পৃষ্ঠপোষকতাত বৃহৎ কয়লা ছিণ্ডিকেট গঢ়ি উঠিছে ৷ সুদীৰ্ঘ কাল ধৰি মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পাটকাই পাহাৰত ৰেট হ’ল “মাইনিঙ”ৰ জৰিয়তে ছিণ্ডিকেট চক্ৰই কয়লা খনন কৰি মাৰ্ঘেৰিটা তিনিচুকীয়াৰ মাজেৰে বহিঃৰাজ্যৰ লগতে বিদেশলৈ ট্ৰাক ট্ৰেইলৰৰ জৰিয়তে সৰবৰাহ অব্যাহত ৰাখিছে । পাটকাইৰ বুকুত অবৈধভাৱে কয়লা ডি’পসমূহত মজুত কৰি সেই কয়লা সৰবৰাহ অব্যাহত ৰাখিছে মাফিয়া চক্ৰই। এই অবৈধ খননত নিয়োজিত কৰা হয় বহিঃৰাজ্যৰ পৰা আমদানি কৰা শ্ৰমিক ৷ এই কাৰ্যত সময়ে সময়ে শ্ৰমিকৰ মৃত্যুৰ লগতে বিভিন্ন ঘটনা সংঘটিত হয় যদটও সিংহভাগ ঘটনাই পোহৰলৈ নাহে।

স্থানীয় সূত্ৰত প্ৰকাশ যে নামটক,নামদাং আদি অঞ্চলত বৰ্তমানেও অব্যাহত আছে ব্যাপক খনন ৷ এই খনন মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতা দীৰ্ঘদিন ধৰি চলি আহিছে ৷ দিছপুৰ স্বয়ং মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সেউজ সংকততে এইদৰে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ অব্যাহত থকা বুলিও অভিযোগ আছে । অন্যথা বিনা বাধাই ৰাজ্যখনৰ পূবৰ পৰা পশ্চিমলৈ হেজাৰ হেজাৰ ট্ৰাকত কিদৰে কয়লা সৰবৰাহ সম্ভৱ হ’ব পাৰে বুলিও প্ৰশ্নৰ অৱতাৰণা হৈ আছে । লক্ষ্যণীয়ভাৱে সাম্প্ৰতিক তলাবন্ধৰ সমান্তৰালভাৱে নৈশ সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি মাৰ্ঘেৰিটাৰ লেখাপানী, টিপং, নামদাং, লিডু, আৰধানা আদি অঞ্চলৰ পৰা দৈনিক শ শ অবৈধ কয়লাভৰ্তি ট্ৰাকৰ সৰবৰাহ অব্যাহত ৰাখিছে মাফিয়া চক্ৰই ।

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নিৰ্দেশত মাৰ্ঘেৰিটা আৰু লিডু আৰক্ষী থানাই এই অবৈধ ব্যৱসায়ৰ সকলো ব্যৱস্থা কৰি দিয়ে ৷কয়লাভৰ্তি ট্ৰাকখনে ৪০ হেজাৰ টকা আদায় দি এক বিশেষ “ট’কেন” সংগ্ৰহ কৰিহে ৰাষ্ট্ৰীয় ঘাইপথৰে কয়লা সৰবৰাহ কৰিব পাৰে ।এই হালধীয়া ৰঙৰ ট’কেন আৰক্ষীৰ জৰিয়তে সংগ্ৰহ কৰিব লাগে ব্যৱসায়ীসকলে। বিধায়ক শৰ্মাৰ সোঁৱে বাঁৱে থকা একাংশ নেতা পালিনেতাই এই সমগ্ৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। তলাবন্ধৰ দিনকেইটাত নিশা প্ৰায় ১১ বজাৰ পাছত শাৰী শাৰী কয়লাভৰ্তি ট্ৰাক তিনিচুকীয়াত প্ৰবেশ কৰি নিৰ্দিষ্ট গন্তব্য স্থানলৈ প্ৰবেশ কৰে । মাজে মাজে বহু কয়লা ট্ৰাকে নিৰ্দিষ্ট সময়ত তিনিচুকীয়া পাৰ হ’ব নোৱৰাত মাকুম পানীতোলা সংযোগী বাইপাছতে আৱদ্ধ হৈ পৰে যদিও এই ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষী প্ৰশাসনেও চকু মুদা কুলিৰ ভাও ধৰে ৷ যোৱা এটা সপ্তাহত সাত শতাধিক কয়লাভৰ্তি ট্ৰাক নিশাৰ ভাগত তিনিচুকীয়াৰ বাইপাছেৰে পাৰ গৈছে ৷ যিহেতু কয়লা ৰপ্তানি কেৱল ৰেলৰ জৰিয়তে অব্যাহত আছে তেনেস্থলত এইদৰে শ শ ট্ৰাকত অবৈধভাৱে কয়লা সৰবৰাহ হোৱাৰ ফলত দৈনিক কোটি টকাৰ ৰাজহ চৰকাৰে হেৰুৱাই আহিছে।

Exit mobile version