সমান্তৰাল পৃথক ব্ৰহ্মাণ্ডৰ সন্ধান পাইছে নাছাই

f5cd6491ff0e

আমাৰ ব্ৰহ্মাণ্ডৰ সমান্তৰালকৈ কোনো পৃথক ব্ৰহ্মাণ্ড আছে নে নাই, তাৰ উত্তৰ জ্যোতিৰ্বিজ্ঞানী সকলে অতীজৰ পৰাই বিচাৰি আছে ।দীৰ্ঘকাল ধৰি মহাকাশত সন্ধান চলোৱাৰ পাছত জ্যোতিৰ্বিজ্ঞানীসকলৰ এই প্ৰশ্নৰ উত্তৰ পোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে । এক পৃথক ব্ৰহ্মাণ্ড থকাৰ ধাৰণা কৰিছে নাছাই । এন্টাৰ্কটিকাত এক দীৰ্ঘকালীন গৱেষণাৰ অন্তত নাছাৰ একাংশ বিজ্ঞানীয়ে এনে সম্ভাৱনা ব্যক্ত কৰিছে । নাছাৰ এক সূত্ৰই জনোৱা মতে মহাকাশ গৱেষণা কেন্দ্ৰটোৰ এন্টাৰ্কটিকা ইম্পালছিভ ট্ৰানচিয়েন্ট এন্টেনা (এএনআই টি এ)ক লৈ কাম কৰা এদল গৱেষকে এন্টাৰ্কটিকাৰ ওপৰত এটা বিশাল আকাৰৰ বেলুন ৰাখিছিল । এই এএনআই টি এ এনে এবিধ যন্ত্ৰ, যি আলট্ৰা-হাই এনাৰ্জীৰ কছমিক ৰে’ নিউট্ৰিন’ৰ এই উচ্চ শক্তিশালী কণিকাসমূহ আমাৰ পৃথিৱীত আমি যি তৈয়াৰ কৰি,তাতকৈ অনেক গুণ বেছি ক্ষমতাসম্পন্ন ।

শীতল মহাদেশৰ যি স্থানত এই বেলুনটো ৰখা হৈছিল,সেই স্থানৰ পৰিৱেশ অত্যধিক ঠাণ্ডা, বতাহ একেবাৰে শুকান আৰু ৰেডিঅ’ তৰংগও প্ৰায় শূণ্য । ৰেডিঅ’ তৰংগত মহাকাশৰ পৰা অহা কোনো সূক্ষ্ম শব্দ নষ্ট হৈ পৰে । নিউট্ৰিন’ৱেই হৈছে একমাত্ৰ কণিকা, যি ক’তো নোৰোৱাকৈ বা নভঙাকৈ আহি পৃথিৱীত পৰেহি । গৱেষকসকলে কয় যে কম ক্ষমতাসম্পন্ন নিউট্ৰিন’ আমাৰ গ্ৰহৰ ভিতৰৰ পৰা ওলাই যাব পাৰে । কিন্তু উচ্চ ক্ষমতাসম্পন্ন নিউট্ৰিন আমাৰ গ্ৰহৰ শক্তিশালী পদাৰ্থত খুন্দা খাই থমকি ৰয় । সেই বাবেই এই উচ্চ ক্ষমতাসম্পন্ন কণিকা বোৰক মহাকাশৰ পৰা নামি অহা সময়ত বিচাৰি পোৱা যায় । ২০১৬ ত বিজ্ঞানীসকলে টাউ নিউট্ৰিন’ বা এটা অত্যন্ত গধূৰ কণিকা পৃথিৱীৰ বাহিৰৰ পৰা তথা ওপৰৰ পৰা নামি অহা প্ৰত্যক্ষ কৰিছিল ।

যাক লৈ পৰীক্ষা কৰাৰ পাছত তেওঁলোকে ধাৰণা কৰিছে যে এই কনিকাই হৈছে আন কোনো সমান্তৰাল ব্ৰহ্মাণ্ডৰ প্ৰমাণ । অৱশ্যে টাউ নিউট্ৰিন’ৰ আৱিষ্কাৰক সকলে প্ৰথমে দুৰ্ঘটনা বুলিহে ধাৰণা কৰিছিল । কিন্ত গৰহেম আৰু তেওঁৰ সহযোগীসকলে ইয়াৰ বাখ্যা দি কয় যে পৃথিৱীৰ সীমাৰ ভিতৰেৰে পাৰ হৈ যোৱাৰ সময়ত এই কণিকা এক ভিন্ন কণিকালৈ ৰূপান্তৰিত হৈছিল আৰু তাৰপাছত পুনৰ আগৰ দৰে হৈ পৰে । যি প্ৰমাণ কৰে সমান্তৰাল ব্ৰহ্মাণ্ডৰ উপস্থিতিয়েই একমাত্ৰ সম্ভাৱনা । অৱশ্যে তেওঁলোকৰ এই বাখ্যা সকলোকে একমত হ’ব নোৱাৰিলে । তথাপি গৰহেমে কয় ,’এই ধৰণৰ ঘটনা এবাৰ হ’ব পাৰে , কিন্তু এয়া বাৰে বাৰে হৈ আছে । সেয়ে বৈজ্ঞানিকভাৱে চাবলৈ গ’লে সহজভাৱে যিটো প্ৰমাণ হয়, সেয়া হৈছে সমান্তৰাল ব্ৰহ্মাণ্ড আছে । কাৰণ ‘বিগ বেং ‘(কৃষ্ণ গহ্বৰ)যেতিয়া হৈছিল, তেতিয়াই দুটা ব্ৰহ্মাণ্ড সৃষ্টি হৈছিল । এটা ব্ৰহ্মাণ্ডৰ গতি বিধি আনটোতকৈ সম্পূৰ্ণ বিপৰীত ।’

Exit mobile version