হেজাৰ কয়লা ট্ৰাক পাৰ হোৱাৰ পাছত চাৰিখন ধৰি চকুত ধূলি দিয়াৰ অপচেষ্টা

WhatsApp Image 2020 05 20 at 2.08.19 PM

মাৰ্ঘেৰিটা তিনিচুকীয়া হৈ দৈনিক সৰবৰাহ অব্যাহত থকা শ শ অবৈধ কয়লাভৰ্তি ট্ৰাক অসম আৰু পশ্চিমবংগৰ সীমান্ত শ্ৰীৰামপুৰ ছাগলীয়াৰে পাৰ হৈছে বহিঃৰাজ্যলৈ। একোখন অবৈধ কয়লা পৰিবাহী ট্ৰাক ট্ৰেইলৰে ছিণ্ডিকেট চক্ৰক নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিয়াৰ পাছতহে অসম পাৰ হোৱাৰ অনুমতি লাভ কৰে ।

এই ছিণ্ডিকেট নিয়ন্ত্ৰিত হয় তিনিচুকীয়া আৰু বেলতলাৰ পৰা ৷শ্ৰী ৰামপুৰত দাস উপাধিৰ দুজন যুৱকে সংশ্লিষ্ট ট্ৰাকসমূহৰ পৰা সংগ্ৰহ কৰে এই ধন ৷স্থানীয় আৰক্ষী আৰু ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত চলা এই ছিণ্ডিকেটৰ বাতৰি প্ৰকাশ পালেই দুই এখন ট্ৰাক ধৰে আৰক্ষীয়ে ।নিয়মীয়াকৈ দৈনিক শ শ কয়লাভৰ্তি ট্ৰাক বিনা বাধাই পাৰ হয় যদিও এই বিষয়ে প্ৰকাশ পালে দুই এখন ট্ৰাক জব্দ কৰি ৰাইজৰ চকুত ধূলি দিয়াৰ অপচেষ্টা দীৰ্ঘদিন ধৰি চলি আহিছে।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ পৰা অবৈধ কয়লা বোজাই কৰি তেজপুৰ বাইহাটা চাৰিআলি হৈ গোসাঁইগাঁৱত প্ৰৱেশ কৰে ট্ৰাকসমূহে। শ্ৰীৰামপুৰৰ দৰে গোসাঁইগাঁৱতো আনোৱাৰ হুছেইন,মোজাম্মেলসহ চাৰিজনীয়া এটা দলে এই ট্ৰাকসমূহৰ পৰা ধন সংগ্ৰহ কৰি বিভিন্ন পক্ষক মেনেজ কৰে ।অৱশ্যে এই ধন সংগ্ৰহকাৰীসকল ছিণ্ডিকেট চক্ৰৰ ভেৰোণীয়াহে ৷

আৰক্ষী প্ৰশাসনে,ৰাজনৈতিক নেতাৰ আশিসধন্য এই ছিণ্ডিকেট চক্ৰই কয়লাৰ সমান্তৰালভাৱে চোৰাং গৰু,চুপাৰি,অৰুণাচলী সুৰা,ৰঙা চন্দন,গাঞ্জা,ফেন্সিডাইল,কাঠ আদি সৰবৰাহতো জড়িত। মাৰ্ঘেৰিটাৰ কয়লাৰ সমান্তৰালভাৱে এই সীমান্তইদি মেঘালয়,যোগীঘোপা,শিৱসাগৰ আদিৰ কয়লাও অবৈধভাৱে পাৰ কৰোৱাই আহিছে চক্ৰটোৱে ৷

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ থকা এই ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত দিনক দিনে সীমান্ত অঞ্চলটোত চক্ৰটোৰ দৌৰাত্ম্য বৃদ্ধি পাই আহিছে। বিশেষকৈ যোৱা দুটা মাহত তলাবন্ধৰ সময়ত ক’লা ব্যৱসায় দুগুণে বৃদ্ধি পালে ৷ক’লা ব্যৱসায়ীসকলে দুগুণ উৎসাহেৰে কয়লা,চুপাৰি,বালিকে আদি কৰি বিভিন্ন বেহা অব্যাহত ৰাখিছে।

Exit mobile version