কৰ’নাৰ বাবে সম্পূৰ্ণ শিক্ষাবৰ্ষত চৌহদ বন্ধ ঘোষণা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ

historic college

কৰ’না মহামাৰীৰ বাবেই বিশ্বপ্ৰসিদ্ধ ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে সম্পূৰ্ণ শিক্ষাবৰ্ষৰ বাবে চৌহদ ঘোষণা কৰিলে। এই শিক্ষা বৰ্ষত বিশ্ববিদ্যালয়ে সকলো পাঠদান অনলাইন যোগে সম্পন্ন কৰিব ৷বিশ্বৰ ভিতৰতে কেম্ব্ৰিজ প্ৰথমখন বিশ্ববিদ্যালয় যিয়ে এটা সম্পূৰ্ণ শিক্ষাবৰ্ষৰ পাঠদান অনলাইন যোগে কৰিবলৈ বিচাৰিছে।

ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপেক্ষিতত এনে ব্যৱস্থা লৈছে বিশ্বৰে উচ্চ শিক্ষাৰ পীঠস্থানৰূপে পৰিচিত কেম্ব্ৰিজে ৷ব্ৰিটিছ চৰকাৰে তলাবন্ধৰ ঘোষণা হোৱাৰ পাছত বিশ্ববিদ্যালয়খনৰ চৌহদ ছাত্ৰ ছাত্ৰীৰ বাবে যোৱা মাৰ্চত বন্ধ কৰা হয়। ক’ভিড১৯ৰ সংক্ৰমণ বন্ধ কৰাৰ বাবে এনে কৰা হয় ৷

ইয়াৰ পাছত সম্প্ৰতি এটা বিবৃত্তিত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা হয় যে ২০২১ ৰ গ্ৰীষ্ম পৰ্যন্ত সকলো ধৰণৰ শিক্ষাদান অনলাইন যোগে কৰা হ’ব ৷অৱশ্যে কিছুমান ক্ষুদ্ৰতৰ শ্ৰেণীত ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব পাৰে ৷সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ বাবে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে আগন্তুক শিক্ষা বৰ্ষৰ পাঠদান মুখামুখিকৈ নকৰিবলৈ সিদ্ধান্ত লৈছে ৷”এই সিদ্ধান্ত কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ গাইডলাইন অনুসৰি পুনৰ বিবেচনা কৰা হ’ব পাৰে ৷

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ষ্টিফেন টুপেই এক বিবৃতিত কয় যে আমি বাস্তৱবাদী হ’ব লাগিব ৷বিশ্ব মহামাৰীয়ে আনি দিয়া বিশ্বজোৰা প্ৰত্যাহ্বানৰ সন্মুখত আমি বাস্তৱ সিদ্ধান্ত ল’ব লাগিব। সমগ্ৰ বিশ্বজুৰি বিশ্ববিদ্যালয়ৰ জীৱনত এই পদ্ধতি গ্ৰহণৰ প্ৰয়োজন আছে। ইপিনে আমেৰিকাৰ কেলিফ’ৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটিতয়ে বিগত সপ্তাহত সিদ্ধান্ত লয় যে তেওঁলোকৰ কিছুমান শ্ৰেণীত অনলাইনযোগে পাঠদান কৰা হ’ব ৷

Exit mobile version