আমপানেই শেষ নহয় ,আৰু আহিব অনেক প্ৰাকৃতিক দুৰ্যোগ

2 187

কৰ’না ভাইৰাছৰ তাণ্ডৱৰ মাজতে দেশৰ বিভিন্ন অংশত আমপান মহাঘূর্ণীয়ে ধ্বংসলীলা আৰম্ভ কৰিছে । এই মহাঘূর্ণীয়ে এই দিনকেইটাত কেনে ৰূপ লয় বা কিমান ক্ষতিসাধন কৰে, সেই ধাৰণা কৰাটো এতিয়াই সম্ভৱ নহয় । কিন্ত পশ্চিমবংগ, ওড়িছা আদিৰ সাগৰৰ পাৰৰ অঞ্চলসমূহে যে দীৰ্ঘদিনৰ বাবে ক্ষতিৰ সন্মুখীন হ’ব লাগিব সেয়া নিশ্চিত । লক্ষণীয়ভাৱে প্ৰায় প্ৰতি বছৰেই পৃথিৱীখন নানা ধৰণৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ।অষ্ট্ৰেলিয়াৰ ছিডনী আৰু দক্ষিণ আমেৰিকাৰ আমাজন জংঘলত ভয়াবহ দাবানলৰ কথা হয়তো মানুহে এতিয়াও পাহৰা নাই । সেইদৰে পাহৰা নাই ঘূর্ণী বতাহ ফণী, কেটৰিণাৰ পৰা আৰম্ভ কৰি ছুনামি, নেপাল-ছিকিমৰ ভূমিকম্পৰ ভয়াৱহতাৰ কথা । এনে সময়তে পোহৰলৈ আহিছে এক ভয়াবহ তথ্য । সকলোকে আতংকিত কৰি তুলিছে বিজ্ঞানী সকলৰ এই তথ্যই । এই একবিংশ শতিকাত পৃথিৱীয়ে সহ্য কৰিব লাগিব আন বহুতো প্ৰকৃতিক বিপৰ্যয়।যাৰ ফলত ধ্বংস হ’ব পাৰে আমাৰ পৃথিৱীও।

এই ভয়াবহ তথ্য দাঙি ধৰিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকে।হাৰ্ভাৰ্ডৰ পৰিৱেশ বিজ্ঞানীসকলে জনোৱা মতে ,চলিত বৰ্ষতে জাপানক জোঁকাৰি যাব দুটাকৈ ভয়ানক ভূমিকম্পই । কমেও ন ৰিখটাৰ স্কেলত আহিবলগীয়া এই দুই ভূমিকম্পত জাপানৰ মাৰাত্মক ক্ষতিৰ আশংকা আছে বুলিও গৱেষক সকলে জনাইছে । তেওঁলোকে জনাইছে যে ২০৫০ৰ ভিতৰত বহুবাৰ দাবালনৰ কবলত পৰিব আমেৰিকাত থকা জংঘলসমূহ । আনহাতে, বাৰুয়াবুংগা নামৰ আগ্নেয় উপত্যকাত হ’ব পাৰে ভয়ংকৰ আগ্নেয়গিৰি।যাৰ ফলত আইচলেণ্ডৰ সমীপত ভয়াবহ ভূমিকম্পও হ’ব । অতি ডাঙৰ ভূমিকম্প নহ’লেও কম সময়ৰ ব্যৱধানত বহুবাৰ কপি উঠিব পাৰে সেই অঞ্চল। সেইদৰে ২০৬৫ৰ ভিতৰত চিলিত বহুবাৰ ভয়ংকৰ ভূমিকম্প হ’ব বুলিও পৰিৱেশ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে । এই ভূমিকম্পৰ তীব্ৰতা থাকিব ৮.২ৰিখটাৰ স্কেল আৰু ইয়াৰ ফলত ছুনামিও হ’ব পাৰে । জাপানৰ পাৰ্বত্য অঞ্চল সমূহত ঘনাই ভয়াবহ আগ্নেয়গিৰি হ’ব পাৰে ।

অৱশ্যে ইয়াৰ কোনো নিৰ্দিষ্ট সময়ৰ কথা বিজ্ঞানীসকলে জনোৱা নাই । কিন্তু তেওঁলোকে জনাইছে যে এই সঘনাই হোৱা আগ্নেয়গিৰিৰ ফলত মানৱজাতিৰ মাৰাত্মক ক্ষতি হ’ব । বিজ্ঞানীসকলে ধাৰণা কৰা অনুসৰি, ২০৬৫ৰ ভিতৰত আঠৰ পৰা ন ৰিখটাৰ স্কেলত সংহাৰকাৰী ছুনামি নামি আহিব পাৰে অৰেগাঁও অঞ্চললৈ । ইপিনে, নাছাই দিয়া তথ্য অনুসৰি ২০৫০ ৰ ভিতৰত ভয়াৱহ বানৰ কবলত পৰিব পাৰে আমেৰিকাৰ পূব উপকূল । আনহাতে, লণ্ডন কলেজ বিশ্ববিদ্যালয় আৰু কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দাবী কৰিছে যে ভয়াবহ ছুনামিয়ে দেখা দিব পাৰে কেৰিবিয়ান সাগৰত । ইয়াৰ প্ৰকোপত সমুদ্ৰগৰ্ভত স্থান হ’ব পাৰে আমেৰিকাৰ বিস্তীৰ্ণ অংশৰ । কেলিফ’ৰ্ণিয়াও সন্মুখীন হ’ব পাৰে বিধ্বংসী ভূমিকম্পৰ । ৰিখটাৰ স্কেলত আঠ বা তাতকৈও অধিক তীব্ৰতাৰ ভূমিকম্প হ’ব পাৰে বুলিয়ে দাবী কৰিছে ইউ এছ জি এছ নামৰ ভূমিকম্প গৱেষক সংস্থাটোৱে । সেয়াই নহয় পৰৱৰ্তী এটা দশকৰ ভিতৰতে পৃথিৱীলৈ নামি আহিব আন এক মহাবিপৰ্যয় ।যিকোনো মুহূৰ্ততে পৃথিৱীলৈ নামি আহিব ভয়ানক সৌৰ ধুমুহা।বিশ্বৰ প্ৰায় সকলো প্রান্ততে এই সৌৰ ধুমুহাৰ প্ৰভাৱ পৰিব বুলি বিশেষজ্ঞই আশংকা কৰিছে ।

Exit mobile version