পলকতে চাওঁ আহক আজিৰ দিনটোৰ বলীউডৰ খবৰ

72277405

সততে বলীউডৰ অভিনেতা অভিনেত্ৰীসকলৰ কিছুমান ভুৱা খবৰে চৰ্চা লাভ কৰে । সেয়া তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক ।

১. এইবাৰ ৭২ বছৰীয়া বলীউডৰ চিৰসেউজ অভিনেত্ৰী মুমতাজৰ মৃত্যুৰ খবৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই ক্ষোভিত হৈ পৰে অভিনেত্ৰীগৰাকী ৷ লগতে মুমতাজে কয় “মোক আপোনাক প্ৰত্যেক বাৰে কিয় মাৰিব বিচাৰে ? মোৰ মৃত্যু হ’লে মোৰ পৰিয়ালে আপোনাকক খবৰ দিব “৷ কাৰণ মুমতাজৰ মৃত্যুৰ খবৰ এনেদৰে বিয়পি পৰা এইয়াই প্ৰথম নহয় ।পূৰ্বতেও বহু সময়ত মৃত্যুৰ খবৰ বিয়পি পৰিছে অভিনেত্ৰীগৰাকীৰ ৷

২.পশ্চিমবংগত আমপান ঘূৰ্ণীবতাহে সংহাৰ সৃষ্টি কৰাৰ পিছতেই ছ’চিয়েল মিডিয়াত বলীউডৰ বিভিন্ন অভিনেতা অভিনেত্ৰীয়ে দুখ প্ৰকাশ কৰিছে ৷ ইয়াৰ মাজতে কৰীনা কাপুৰ খানে ইনষ্টাগ্ৰামত পশ্চিমবংগৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখিছে “এইয়া সকলোৱে চিন্তা কৰাৰ সময় ” ৷

৩. তলাবন্ধৰ সময়ত সম্প্ৰতি বলীউডৰ লগত সৰু পৰ্দাৰ বহু অভিনেতা অভিনেত্ৰী আৰ্থিক সংকটত পৰিছে ৷ ইয়াৰ মাজতে মহাভাৰতৰ ইন্দ্ৰ চৰিত্ৰত অভিনয় কৰা সতীশ কৌলে গভীৰ আৰ্থিক সংকটৰ কথা জনায় সংবাদ মাধ্যমক ৷

৪. যুৱ প্ৰজন্মৰ মাজত প্ৰসিদ্ধ টিকটকৰ জনপ্ৰিয়তা হ্ৰাস পোৱাত সুখ প্ৰকাশ কৰিছে মুকেশ খান্নাই ৷এ ই সন্দৰ্ভত মুকেশ খান্নাৰ মন্তব্য”চাইনীজ ভাইৰাছ আমাৰ পৰা আঁতৰি গৈছে”৷

৫. পুনৰ বনী কাপুৰৰ ঘৰত কৰ’না ভাইৰাছ ৷ অৰ্থাৎ বনী কাপুৰৰ ঘৰত কাম কৰা আৰু এজন কৰ্মচাৰীৰ শৰীৰত পোৱা গৈছে কৰ’না ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰ পুৰ্বে অন্য এজন কৰ্মচাৰীৰ শৰীৰত পোৱা গৈছিল কৰ’না ভাইৰাছৰ উপস্থিতি ৷

৬. কৰ’না ভাইৰাছৰ কাৰণে বলীউডত ক্ষতি হৈছে প্ৰায় ৭৫০০ কোটি টকা ৷ ইয়াৰ লগে লগে পাৰিশ্ৰমিক হ্ৰাস কৰিবলৈ সাজু হৈছে কাৰ্তিক আয়ান ।

Exit mobile version