৫৭ হেজাৰৰ ১৬ হেজাৰেই ভুৱা কৃষক

pmkisanlogo tcim0Feicfiif

নগাঁও জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে  ৷ একাংশ দুৰ্নীতিগ্ৰস্ত কৃষি বিষয়াই মধ্যভোগী দালাল, বেংকৰ একাংশ চি এছ পিৰ লগ লাগি এই অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ আঁচনিখনৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰীৰ বাবেই কৃষি প্ৰধান জিলাখনৰ ৯০ শতাংশ প্ৰকৃত কৃষকেই এই অভিলাষী আঁচনিখনৰ সুবিধাৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে ৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনৰ বিপৰীতে নগাঁও জিলাৰ ছটা ৰাজহ চক্ৰ ক্ৰমে ধিং, ৰূপহী, চামগুৰি, নগাঁও সদৰ, ৰহা আৰু কলিয়াবৰত মুঠ দুই লাখ ৭৯ হেজাৰ লোকে আবেদন জনাইছিল ।

ইয়াৰে সংশ্লিষ্ট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ অনুমোদন ক্ৰমে নগাঁও জিলা কৃষি বিষয়াই এক লাখ ৭৩ হেজাৰ ৯০০ জন কৃষকৰ নাম অনলাইন ব্যৱস্থাৰে পঞ্জীয়ন কৰিছিল । অৱশ্যে নগাঁও জিলা কৃষি বিষয়াই নাম পঞ্জীয়নভুক্ত কৰা কৃষকৰ সংখ্যা এক লাখ ৬৪ হেজাৰ বুলিহে প্ৰকাশ কৰিছে৷ অভিযোগ মতে, ৰাজহ চক্ৰসমূহৰ অন্তৰ্গত কৃষি উন্নয়ণ বিষয়াসমূহে সংশ্লিষ্ট অঞ্চলৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ নামৰ তালিকা প্ৰস্তুত কৰি তেনে কৃষকৰ মাটিৰ পৰিমাণ, বেংকৰ পাছবুকৰ তথ্য, ভোটাৰ আই ডি, আধাৰ কাৰ্ডৰ তথ্যসহ অনুমোদনৰ বাবে ৰাজহ চক্ৰ বিষয়াক দাখিল কৰে  ৷ পাছত চক্ৰ বিষয়াই সংশ্লিষ্ট অঞ্চলৰ মণ্ডলৰ হতুৱাই চৰজমিন তদন্ত কৰাৰ অন্তত সেই তালিকাত অনুমোদন জনাই জিলা কৃষি বিষয়ালৈ প্ৰেৰণ কৰে  ৷ পাছত জিলা কৃষি বিষয়াই সেই তালিকা অনলাইন পঞ্জীয়নৰ বাবে অনুমোদন ৷ এই অনলাইন পঞ্জীয়নৰ কাম কৰে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিশেষ কৰ্তৃত্বশীল কৰ্মচাৰীয়ে। জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ প্ৰকৃত কৃষকে উত্থাপন কৰা অভিযোগ অনুসৰি জিলাখনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰা লোকসকলৰ ভিতৰত ৮০ শতাংশ হিতাধিকাৰীয়েই ভুৱা কৃষক ।

ইপিনে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি নগাঁও জিলা কৃষি বিভাগে এই হিতাধিকাৰীসকলৰ সত্যাসত্যৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে  ৷ পৰীক্ষা কৰা হৈছে হিতাধিকাৰীসকলৰ নাম ৷জিলাখনৰ নাম পঞ্জীভুক্ত ৫৭ হেজাৰ লোকৰ নাম পৰীক্ষা কৰা হৈছে । এওঁলোকৰ ভিতৰত ১৬ হেজাৰ ভুৱা কৃষক ওলাইছে  ৷ এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৩৫ জন ভূৱা আৰু অযোগ্য হিতাধিকাৰীয়ে পি এম কে ৱাইৰ ধন দুহেজাৰকৈ মুঠ ৭০ হেজাৰ টকা ঘূৰাই দিয়া বুলি কৃষি বিষয়াজনে প্ৰকাশ কৰে ৷ বিভাগটোৰ ৱেবচাইটটোৰ তথ্য অনুসৰি নগাঁও জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰা লোকৰ সংখ্যা এক লাখ ৭৩ হেজাৰ ৯০০ জন ৷

Exit mobile version