গাড়ীৰ যন্ত্ৰাংশৰে ভেন্টিলেটৰ নিৰ্মান কৰিলে এদল কিশোৰীয়ে

A fan of old car parts Afghan girls are engaged

প্ৰায়ে তিনি বছৰৰ পূৰ্বে এক আন্তৰ্জাতিক প্ৰতিযোগিতাত বিশেষ পুৰস্কাৰ লাভ কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল আফগানিস্তানৰ এদল কিশোৰীয়ে । সেই কিশোৰীৰ দলটোৱেই এতিয়া কঠিন বাস্তৱৰ স’তে সংগ্ৰাম কৰি সফলতা অৰ্জন কৰিছে । লগতে দেশৰ ভংগুৰ স্বাস্থ্যবিভাগক প্ৰদান কৰিলে অনন্য উপহাৰ । কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে সম্প্ৰতি অভিনৱ প্ৰক্ৰিয়াৰে ভেন্টিলেটৰ নিৰ্মান কৰি সকলোকে আচৰিত কৰি তুলিছে এই আফগান কিশোৰীৰ দলটোৱে।গাড়ীৰ যন্ত্ৰাংশৰে এই ভেন্টিলেটৰ তৈয়াৰ কৰা হৈছে । মে’ৰ অন্তিমভাগত বজাৰলৈ আহিলে এই ভেন্টিলেটৰ অতি কম দৰত পোৱা যাব। যুদ্ধবিধ্বস্ত আফগানিস্তানৰ প্ৰায় চাৰি কোটি মানুহৰ বাবে আছে মাত্ৰ চাৰিশ ভেন্টিলেটৰ । যি প্ৰয়োজনৰ তুলনাত একেবাৰে নগন্য । অথচ আফগানিস্তানত এই পৰ্যন্ত সাত হেজাৰ ৬৫০ জন লোক ক’ভিড -১৯ত আক্ৰান্ত হোৱাৰ উপৰি ১৭৮জনৰ মৃত্যু হৈছে । দেশখনৰ স্বাস্থ্যসেৱা অতিশয় ভংগুৰ হোৱাৰ বাবে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰিছে প্ৰশাসনে ।

ভেন্টিলেটৰ তৈয়াৰ কৰা কিশোৰীৰ দলটোৰ নাম হৈছে ‘আফগান ড্ৰীমাৰ্ছ’ । দলটোৰ অন্যতম সদ্যসা ১৭বছৰীয়া নাহিদ ৰাহিমিয়ে কয়, ‘আমি যদি আমাৰ চেষ্টাৰ মাধ্যমেৰে অন্তত এটি জীৱনো ৰক্ষা কৰিব পাৰো ,তেন্তে সেয়াও হ’ব অনেক গুৰুত্বপূৰ্ণ ।’ উল্লেখ্য যে দলটোৰ সদস্যাসকলৰ বয়স ১৪ ৰ পৰা ১৭ বছৰৰ ভিতৰত । তেওঁলোকে তৈয়াৰ কৰা ভেন্টিলেটৰত ব্যৱহাৰ কৰা হৈছে পুৰণি টয়’টা কৰ’লা গাড়ীৰ মটৰ আৰু হ’ণ্ডা মটৰ চাইকেলৰ চেইন ড্ৰাইভ । ‘আফগান ড্ৰীমাৰ্ছ’ৰ মতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত থকা ৰোগীসকলক এই ভেন্টিলেটেৰে সাময়িক স্বস্তি প্ৰদান কৰিব। বিশেষকৈ উন্নত মানৰ ভেন্টিলেটৰ নোপোৱা পৰ্যন্ত এই বিশেষ ভেন্টিলেটৰ দ্বাৰা ৰোগীৰ চিকিৎসা সম্ভৱ হব।

দলটোৰ নেত্ৰী সুুমাইয়া ফাৰুকিয়ে কয়, আমাৰ চিকিৎসক আৰু নাৰ্ছসকল এই সময়ত দেশৰ নায়ক ।তেওঁলোকৰ সহাযোগিতাৰ বাবে কিবা এটা কৰিবলৈ পাই গৰ্ব অনুভৱ কৰিছো ।’ উল্লেখ্য যে সাম্প্ৰতিক সময়ত বিশ্বৰ বজাৰত ভেন্টিলেটৰৰ প্ৰবল সংকট আছে । বৰ্তমানে বিক্ৰী হৈ থকা ভেন্টিলেটৰ সমূহৰ মূল্য ৩০ হেজাৰৰ পৰা ৫০ হেজাৰ ডলাৰ । অথচ এই আফগান কিশোৰীসকলে তৈয়াৰ কৰা ভেন্টিলেটৰৰ মূল্য হ’ব ছশ ডলাৰো কম । এই দলটোৰ প্ৰতিষ্ঠাপক ৰয়া মাহবুব সম্প্ৰতি ‘টাইম মেগাজিন’ৰ এশগৰাকী প্ৰভাৱশালী উদ্যোগক্তাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এই সন্দৰ্ভত মাহবুবে কয়, ‘কাম ৭০ শতাংশ সম্পূৰ্ণ হৈছে । হাস্পতালত প্ৰাথমিক পৰীক্ষাত সফলতাও আহিছে।মে’ৰ শেষৰফালে এই ভেন্টিলেটৰ বজাৰলৈ আহিব ।’

Exit mobile version