- অসম সমগ্ৰ অভিযানে মুকলি কৰা শৈক্ষিক টেলিভিছন চেনেলে জ্ঞানবৃক্ষ উদ্বোধনী অনুষ্ঠানৰ পিছত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷
- ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি দিছে ৷কিন্তু পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে এতিয়াও অনুমতি দিয়া নাই।
- তৎস্বত্বেও চলিত গ্ৰীষ্ম বন্ধ খোলাৰ পাছত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ৷
- অহা ৩১ মে’ত অন্ত পৰিব গ্ৰীষ্ম বন্ধৰ ম্যাদ।
- গ্ৰীষ্ম বন্ধ খোলাৰ পিছত সামাজিক দূৰত্ব বৰ্তাই ৰাখি কেৱল দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অনুমতি বিচাৰি যোগাযোগ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগত ৷
- অৱশ্যে এতিয়ালৈকে এই ক্ষেত্ৰত অনুমতি দিয়া নাই কেন্দ্ৰীয় চৰকাৰে ৷
- পাঠদান কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব ৷
- প্ৰয়োজনত সপ্তাহত তিনিদিনকৈ শাখা অনুসৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷
- এই ক্ষেত্ৰত প্ৰয়োজনত অনুমতি পালেই বিভিন্ন স্থানত থকা কোৱাৰেন্টাইন কেন্দ্ৰ হিছাপে ব্যৱহৃত হৈ থকা শিক্ষানুষ্ঠানৰ বাবে ছাত্ৰছাত্ৰীৰ বাবে অন্য ব্যৱস্থা কৰা হ’ব।
- ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত সকলো সিদ্ধান্ত ৰাজ্য চৰকাৰে কৰিব নোৱাৰে ৷
- বিশ্ব বিদ্যা এপ,দীক্ষা এপ তথা ই টিউবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক কাৰ্যসূচী আগুৱাই নিয়াৰ পাছত প্ৰাগ নিউজৰ সহযোগত অসম সমগ্ৰ অভিযানে মুকলি কৰিছে জ্ঞানবৃক্ষ”শীৰ্ষক শৈক্ষিক টেলিভিছন চেনেল ।
- কেবল”ৰ ১২ নম্বৰত উপলব্ধ হ’ব এই চেনেল ৷
- ইয়াত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অভিজ্ঞ সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান ৷
- জ্ঞানবৃক্ষ শীৰ্ষক চেনেলৰ জৰিয়তে ঘৰত বহিয়েই ছাত্ৰ ছাত্ৰীসকলে পাঠগ্ৰহণৰ সুবিধা পাব ৷
- সংশ্লিষ্ট ছাত্ৰছাত্ৰীৰ সুবিধা হোৱাকৈ প্ৰতিদিনে আগতীয়াকৈ শৈক্ষিক সূচী ঘোষণা কৰা হ’ব ৷
- পৰৱৰ্তী সময়ত ইংৰাজী,বাংলা,বড়োকে আদি কৰি অন্যান্য পাঠদানৰ সূচীও আগবঢ়াই নিয়া হ’ব।
- ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ সিদ্ধান্তৰ সম্পৰ্কত সকলো অভিভাৱকৰ পৰা মতামত বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ইচ্ছুক ব্যক্তিয়ে ছেবাৰ নিৰ্দিষ্ট ৱেবছাইটত এই সম্পৰ্কত মতামত দিব পাৰে।
- আনহাতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানতে জীৱিকা সংক্ৰান্তীয় পৰামৰ্শ প’টেলো মুকলি কৰে ৷
- এই পৰ্টেলৰ জৰিয়তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলে ভৱিষ্যতে কি পাঠ্যক্ৰম অধ্যয়ন কৰিব সেই সম্পৰ্কত জানিব পাৰিব ৷
- অহা ২৭ এপ্ৰিলৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত কেউটা শাখাৰ ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা বিনামূলীয়া পাঠ্যপুথি সংগ্ৰহ কৰিব পাৰিব ।
- আজিৰ এই সংবাদমেলত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা,সমগ্ৰ অভিযানৰ পৰিচালন সঞ্চালক কল্যাণ চক্ৰৱৰ্তী,প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণকে ধৰি কে’বাজনো আমোলা বিষয়া উপস্থিত থাকে ।