বছৰৰ প্ৰথমটো বানত প্লাৱিত বহু অঞ্চল

IMG 20200523 164829

বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ উপনৈসমূহ ফেনে ফোটোকাৰে বাঢ়ি অহাত বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে ।ঠায়ে ঠায়ে বাঢ়নী পানীয়ে শ শ বিঘা পকা বৰো ধানৰ খেতিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে মথাউৰিৰো ক্ষতিসাধন কৰিছে ৷ইপিনে লখিমপুৰ জিলাৰ ৰঙানদীৰ জলপৃষ্ঠ ফেনে ফোটোকাৰে বৃদ্ধি পোৱাত নিপকোৱে পানী এৰি দিয়াত ২০ খন গাঁও জলমগ্ন হৈ পৰিছে। আনহাতে ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি ভূটান চৰকাৰে এৰি দিয়ে কুৰিশ্বু বান্ধৰ পানী ৷ভূটান চৰকাৰে এৰি দিয়া পানীৰ ফলত বেঁকী নৈত ব্যাপক মাত্ৰাত বৃদ্ধি পাইছে জলস্তৰ।

নিপকোৰ পানীত জলমগ্ন ২০ খন গাঁও
ৰঙানদী জলপৃষ্ঠ বৃদ্ধি পোৱাত যোৱা নিশা নিপকোৱে প্ৰতি ছেকেণ্ডত ৩৫ঘন মিটাৰকৈ পানী এৰি দিয়াত সংহাৰী ৰূপ লৈ নৈখনৰ বাঢ়নী পানীয়ে পানীগাওঁ,আমতলা,পাঁচনৈ আদিকে ধৰি ২০ খন গাঁও জলমগ্ন কৰি তোলে ৷ নৈখনৰ বাঢ়নী পানীয়ে আমতলা অঞ্চলৰ চাৰিখনকৈ বাঁহৰ দলং উটুৱাই লৈ যোৱাত স্থানীয় ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৷ বাঢ়নী পানীয়ে গাওঁকেইখনৰ বহু পৰিয়ালৰ মাছ পোহা পুখুৰী,কঠিয়াতলি আৰু কৃষিভূমি বুৰাই বিস্তৰ ক্ষতিসাধন কৰিছে ।এনেক্ষেত্ৰত নিপকোৱে যদি পুনৰ পানী এৰি দিয়ে তেনেহ’লে জিলাখনৰ বহু অঞ্চল বানত বুৰ যোৱাটো খাটাং হৈ পৰিছে ৷

ভূটানে এৰিলে কুৰিশ্বুৰ বান্ধৰ পানী
দেশত বিভীষিকাময় পৰিবেশৰ সময়তে ভূটান চৰকাৰে কুৰিশ্বুৰ বান্ধৰ পানী এৰি দিয়াত বেঁকী নদীকে ধৰি আন আন নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে৷ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে পাৰ হৈ বৈ গৈছে বেঁকী নদীৰ পানী ৷বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বেঁকীকে ধৰি আন নদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ মাজতে ভূটান এইদৰে পানী এৰি দিয়াত বৰপেটা জিলাৰ কলগাছিয়া আৰু বৰনগৰ ৰাজহ চক্ৰৰ ২০ খন গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰিছে ৷

নগাঁৱত বৰপানী নৈৰ তাণ্ডৱ
ইপিনে,বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ মাধৱপাৰা আৰু পমিলাঝাৰণিৰ মথাউৰিৰ দুঠাইত ছিঙি তাণ্ডৱ চলায় ।মথাউৰিটোৰ ছিঙা অংশৰে পানী সোমাই আজি পমিলা নদীৰ পাৰ,কাঠনী,ৰজাআলি,হাতীখুঁটি ,উজানমাৰী,আলিটাঙনীকে ধৰি কে’বাখনো গাঁও বুৰাই পেলায়। তলাবন্ধ আৰু আমপানৰ আতংকৰ মাজতে কৃষকৰ একমাত্ৰ আশাৰ সম্বল পকা বৰো ধানৰ খেতিপথাৰ নিমিষতে বৰপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত মূৰে কপালে হাত কৃষকসকলে ৷

ওদালগুৰিত জামপানী নৈৰ জলপৃষ্ঠ বৃদ্ধি
ভয়ানকভাৱে বৃদ্ধি পাইছে ওদালগুৰি ভৈৰৱকুণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ধনশিৰি নদীৰ জলপৃষ্ঠ ৷নৈখনৰ পানী যোৱাৰ নিশাৰে পৰা বৃদ্ধি পোৱাত আতংকিত হৈছে জিলাবাসী ৷ইয়াৰ মাজতে অৰুণাচল প্ৰদেশৰ পৰা নাৰগাম নদী তথা ভূটানৰ পৰা বৈ অহা জামপানী,দৈফাম নদীয়ে নামনি অঞ্চললৈ বৈ আহি ভৈৰৱকুণ্ডত মিলিত হৈ ধনশ্ৰীত মিলিত হৈছে ৷

হাজোত ফেনে ফোটোকাৰে বাঢ়িছে পুঠিমাৰী নৈ
যোৱা নিশাৰে পৰা পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে আতংকিত কৰিছে বৃহত্তৰ হাজো অঞ্চলৰ ৰাইজক ৷ বিগত বৰ্ষত পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে আঠগাঁও,সোণাপুৰ আৰু কচুৱাৰবৰীৰ তিনিটাকৈ স্থানত মথাউৰি ছিঙি কে’বাখনো গাঁও বুৰাই পেলাইছিল ৷কিন্তু এতিয়াও সেয়া উন্মুক্ত হৈ থকাত বাঢ়নী পানীয়ে আতংকিত কৰি তুলিছে ৰাইজক।

Exit mobile version