ভূটানত এৰি দিয়া পানীৰ বাবেই ফেনেফোটোকাৰে বাঢ়িছে বেঁকীৰ জলপৃষ্ঠ

SAVE 20200523 160934

দেশত সম্প্ৰতি বিভীষিকাময় পৰিবেশ ৷ এফালে কৰ’নাৰ আতংক আনফালে আমপান ৷ তাৰ মাজতে ভূতৰ ওপৰতে দানহ পৰাদি ৰাজ্যত বানৰ সংহাৰী ৰূপ ৷ ভূটানৰ কুৰিশ্ব বান্ধৰ পৰা এৰি দিয়া অতিৰিক্ত পানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়িছে বেঁকীকে ধৰি আন আন নৈ উপনৈসমূহৰ জলস্তৰ ৷ ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈ আছে বেঁকী নৈৰ পানী ৷ স্বাভাৱিক অৱস্থাত বেঁকীৰ জলস্তৰ ৪৫.১০ যদিও পুৱাৰে পৰা ৪৫.১৫ মিটাৰ অৰ্থাৎ বিপদসীমাৰ ৫ মিটাৰ ওপৰেৰে বৈ আছে । বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত নৈপৰীয়া অঞ্চলৰ ৰাইজ বাৰুকৈয়ে শংকিত হৈ পৰিছে ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বৃহত্তৰ খাৰিজ বিজনীকে ধৰি সৰভোগ, ছাফাকামাৰ, গোৱৰ্ধনা, নাৰায়ণগুৰি আৰু অন্যান্য ঠাইতো বেঁকী নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱৰ । খৰিজা  বিজনীৰ  গৰম বজাৰ, ওদালগুৰি, বাৰাপেটা, দোমনীঘাট আদিত বেঁকী নৈয়ে কালৰূপ ধাৰণ কৰাৰ ফলত বিস্তীৰ্ণ কৃষিভূমি নৈৰ বুকুত জাহ গৈছে ৷ ইতিমধ্যে বেঁকীৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে বাক্সা আৰু বৰপেটা জিলা প্ৰশাসনে বেঁকী নৈৰ বুকুত নাও চলাচল বন্ধ কৰি দিয়াৰ লগতে মাছ মৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে  ৷ আনহাতে নৈ পৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ।

Exit mobile version