অনলাইন ফুডঃ ভাৰতত ৫০ হেজাৰক নিযুক্তি দিব এমাজনে

amazon79

ভাৰতত ৫০ হেজাৰটা পদত নিযুক্তি দিবলৈ আগবাঢ়িছে আমাজন ইণ্ডিয়াই ৷ তলাবন্ধৰ সময়ত বৰ্ধিত অনলাইন চাহিদাৰ স’তে সামঞ্জস্য ৰাখি ইমান বৃহৎ সংখ্যক পদৰ বিপৰীতে নিযুক্তি ঘোষণা কৰা হৈছে ৷ ই কমাৰ্চ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এই ঘোষণাই বৰ্তমানৰ দুৰ্যোগৰ সময়ত কিছু হ’লেও স্বস্তিৰ বাৰ্তা লৈ আহিছে দেশত তলাবন্ধৰ বাবে কাম হেৰুওৱা সকললৈ ৷ কৰ’না তথা তলাবন্ধৰ বাবে দেশত বিপৰ্যস্ত হৈ পৰিছিল কৰ্ম সংস্থাপনৰ ক্ষেত্ৰখন । কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্য যোৱা মাৰ্চৰ অন্তিম সময়ৰে পৰা তলাবন্ধত স্তব্ধ হৈ আছে সমগ্ৰ দেশ ৷ফলত দেশত বন্ধ হৈ পৰে “অনলাইন ডেলিভাৰী” ব্যৱস্থা ৷ বৰ্তমান ভাৰতত চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ চলি আছে ৷

ইয়াৰ সমান্তৰালভাৱে আঞ্চলিক পৰ্যায়ত তলাবন্ধৰ নীতি নিয়মৰ কিছু শিথিলতা ঘোষণা কৰি ডেলিভাৰী ব্যৱস্থাকো পুনৰ মুকলিৰ সেউজ সংকেত দিয়া হৈছে । অৱশ্যে কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও পৰিবহন সেৱা সম্পূৰ্ণভাৱে মুকলি কৰা হোৱা নাই ।ইয়াৰ সুযোগতে বৃদ্ধি পাইছে অনলাইন ডেলীভাৰীৰ ৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি ভাৰতত অনলাইন খাদ্য যোগানত ব্যৱসায় ক্ষেত্ৰখন বৃদ্ধি কৰিবলৈ স্থিৰ কৰিছে এমাজনে ৷ সদ্যহতে বাংগালুৰুত বিশেষ কেইটামান স্থানৰ পিনকোডেৰে কাম আৰম্ভ কৰিছে এমাজনে ৷ পৰৱৰ্তী সময়তে হিমাচলত নিজ ব্যৱসায় আৰম্ভ কৰিবলৈ স্থিৰ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে ।

এমাজন কৰ্তৃপক্ষৰ পৰা জনোৱা অনুসৰি প্ৰতিষ্ঠানৰ বাবে প্ৰথম লক্ষ্য হ’ব গ্ৰাহকৰ স্বাস্থ্য ৷ এমাজনৰ ৰেস্তোঁৰাৰ ৰন্ধনশালত অত্যন্ত শীৰ্ষমানৰ আন্তৰাষ্ট্ৰীয় স্বাস্থ্যবিধিৰ অনুসৰণ কৰা হ’ব ৷এই পৰিসেৱাৰ অধীনত যোগান ধৰা খাদ্য সামগ্ৰী অতি সূক্ষ্ম পৰ্যবেক্ষণত থাকিব ৷ সমগ্ৰ যোগান ব্যৱস্থাটোৰ ওপৰত নিয়মীয়াভাৱে দৃষ্টি ৰাখি চলা হ’ব ৷এমাজনৰ ব্ল’গত প্ৰতিষ্ঠানৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া অখিল চাক্সেনাই জনোৱা অনুসৰি এমাজন সাৰ্থকভাৱেই গ্ৰাহকক সহায় কৰিব বিচাৰে ৷যাতে গ্ৰাহক আৰু এমাজনৰ সকলোৱে সামাজিক দূৰত্ব বিধি ব্যৱস্থা আদি মানি চলিব পাৰে । ২০২৫ লৈ ভাৰতত ১০ লাখৰো অধিক কৰ্মসংস্থাপনৰ মুকলিৰ আশ্বাস দিছে জেফ বেজোছৰ প্ৰতিষ্ঠান এমাজনে ৷ ইয়াৰ অংশ হিচাপেই মাৰ্কিন যুক্তৰাষ্ট্ৰই এই প্ৰতিষ্ঠানটোৱে এতিয়া ৫০ হেজাৰ অস্থায়ী পদৰ বিপৰীতে নিযুক্তি দিবলৈ আগবাঢ়িছে।

Exit mobile version