এইমছৰ জ্যেষ্ঠ চিকিৎসকৰ ক’ভিড-১৯ত মৃত্যুত চাঞ্চল্য

75938111

ক’ভিড-১৯ ত আক্ৰান্ত হৈ দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান( এইমছ)ৰ জ্যেষ্ঠ চিকিৎসক জিতেন্দ্ৰ নাথ পাণ্ডেৰ মৃত্যু হয় । ৭৮ বছৰীয়া চিকিৎসকজন দেশৰ আগশাৰীৰ হাস্পতালখনৰ হাওঁফাওঁ সম্পৰ্কীয় ৰোগ বিভাগৰ সঞ্চালক আৰু অধ্যাপক আছিল। বিগত কেবা সপ্তাহ ধৰি এই বিভাগটোৱে কৰ’না আক্ৰান্তৰ চিকিৎসা কৰি আছিল । ডাঃ পাণ্ডেৰ মৃত্যুৱে বৃহৎ ক্ষতিসাধন কৰিলে বুলি কয় দিল্লীৰ বিভিন্ন হাস্পতালত কৰ্মৰত জ্যেষ্ঠ চিকিৎসসকলে ।

ADVERTISEMENT

এইমছৰ এজন কৰ্মচাৰীৰ মৃত্যুৰ এদিন পাছতে জ্যেষ্ঠ চিকিৎসকজনৰ মৃত্যুৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰেসৃষ্টি কৰিছে। হাস্পতালৰ আৱাসিক চিকিৎসক সংস্থাই অভিযোগ কৰে যে তেওঁলোকে কেবা সপ্তাহ পূৰ্বে দাবী জনোৱা অনুসৰি এই পর্যন্ত চিকিৎসকৰ বাবে প্ৰয়োজনীয় সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। এই সম্পৰ্কীয় এখন দাবী পত্ৰ সংস্থাই এইমছৰ সঞ্চালকক দাখিল কৰে। দিল্লীত বৃহৎ সংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মী কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। কে’বাখনো আগশাৰীৰ চিকিৎসালয় ছীল কৰিবলগীয়া হৈছে।

Exit mobile version