ৰাজ্যত প্ৰথমটো বানৰ তাণ্ডৱ | প্ৰতিখন নৈ-উপনৈ ক্ৰমত ওফণ্ডি উঠিছে | বিভিন্ন অঞ্চল এই নৈ-উপনৈসমূহৰ বাহনী পানীয়ে বুৱাই পেলাইছে | ক্ৰমাৎ বাঢ়ি অহা পানীয়ে বুৱাই পেলাইছে জুবিন গাৰ্গ সেতু | উল্লেখ্য যে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ সীমান্তৰ টেঙাপানী গাঁৱক সংযোগ স্থাপন কৰি শেহতীয়াকৈ নিৰ্মাণ কৰি উলিওৱা “জুবিন গাৰ্গ সেতু”ৰ ওপৰেৰে বৈছে ন দিহিংৰ পানীৰ ঢল। যিকোনো মূহুৰ্ততে কাঠ আৰু বাহেৰে নিৰ্মাণ কৰা দলংখন উতুৱাই নিয়াৰ সম্ভাৱনা প্ৰকট কৰিছে ভিন্নজনে । তাকে লৈ চিন্তিত হৈ পৰিছে কঠোৰ পৰিশ্ৰমেৰে দংলখন নিৰ্মাণ কৰি উলিওৱা সীমান্তবাসী জনতা । ৰাইজৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে নিৰ্মাণ কৰা সেতুখনৰ উপৰেৰে পানীৰ ঢল বোৱাত সম্প্ৰতি সীমান্ত টেঙাপানী গাওঁৰ স’তে যাতায়ত ব্যৱস্থা বিছিন্ন হৈ পৰিছে ।
“জুবিন গাৰ্গ সেতু”ৰ ওপৰেৰে বৈছে ন দিহিংৰ ঢল
-
By publisher

ADVERTISEMENT
Related Content
পুনৰ কঁপি উঠিল পাকিস্তান!
By
publisher
May 12, 2025
Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
By
publisher
May 12, 2025
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে !
By
publisher
May 12, 2025
Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ
By
publisher
May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
By
publisher
May 12, 2025