নগাঁও চহৰত সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন বুলি ব্যাপক প্ৰচাৰ

IMG 20200524 WA0006

নগাঁও লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদ্দেশ বুলি উল্লেখ থকা অগনন প’ষ্টাৰৰে ভৰি পৰিছে নগাঁও চহৰ। কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈ গৰাকী নিৰুদ্দেশ হোৱা বুলি কোনো অজ্ঞাত লোকে চহৰ খনৰ বিভিন্ন স্থানসমূহত লগোৱা এই প’ষ্টাৰসমূহ আজি পুৱাতেই চহৰ বাসীয়ে প্ৰত্যক্ষ কৰে।চহৰ খনৰ নগাঁও মহাবিদ্যালয়ৰ চৌহদ, মিছন মাৰ্কেট, ষ্টেডিয়াম মাৰ্কেট আদি ঠাইত অঁৰা প’ষ্টাৰখনত উল্লেখ থকা অনুসৰি “নগাঁও সংসদীয় সমষ্টিৰ সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যোৱা ছয় মাহ ধৰি নিৰুদ্দেশ হৈ আছে । কোনো সদাশয় ব্যক্তিয়ে খবৰ পালে নিকটৱৰ্তী থানাত খবৰ দিবলৈ অনুৰোধ জনোৱা হ’ল।”

উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ সংক্ৰমণে মহামাৰী ৰূপ ধাৰণ কৰা এই দুৰ্যোগৰ সময়ত নগাঁৱৰ কংগ্ৰেছী সাংসদ গৰাকীৰ নগঞা ৰাইজে বিচৰা ধৰণে সহযোগিতা নোপোৱাৰ বাবেই এইদৰে কংগ্ৰেছী সাংসদ গৰাকী নিৰুদ্দেশ হোৱা বুলি প’ষ্টাৰিং কৰি ক্ষোভ প্ৰকাশ কৰা হয় বুলি সচেতন মহলে মন্তব্য কৰিছে ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নগাঁও সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক তাৎচিল্য কৰি কোনো অজ্ঞাত লোকে নিশাৰ ভিতৰতে চহৰ খনৰ মাজমজিয়াতে কৰা ব্যাপক প’ষ্টাৰিঙৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশ্যে এই সন্দৰ্ভত সাংসদ বৰদলৈ আৰু নগাঁৱৰ কংগ্ৰেছ শিবিৰে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই । অৱশ্যে ভাস্কৰ গোস্বামী নামৰ এজন কংগ্ৰেছ কৰ্মীয়ে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

Exit mobile version