মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথৰ স’তে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

Pravind Kumar Jugnauth

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথৰ স’তে এক টেলিফোনিক বাৰ্তালাপত অংশ লয় ৷ বাৰ্তালাপৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী জুগনাথে ভাৰতত আমপানৰ ফলত মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ মৰিছাছলৈ ‘অপাৰেচন সাগৰ’ৰ অধীনত ‘কেশৰী’ শীৰ্ষক ভাৰতীয় নৌবাহিনীৰ জাহাজখন প্ৰেৰণ কৰা বাবে তেওঁ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে ৷

প্ৰধানমন্ত্ৰীয়ে সংকটৰ সময়ছোৱাত মৰিছাছৰ স’তে সহযোগিতা স্থাপনৰ দ্বাৰা কৰ’নাৰ বিৰুদ্ধে যুদ্ধ কৰা যোৱা কথা উল্লেখ কৰে ৷ প্ৰধানমন্ত্ৰী জুগনাথৰ নেতৃত্বত ক’ভিড-১৯ৰ ব্যৱস্থাপনাত মৰিছাছত বিগত সপ্তাহকেইটাত কোনো নতুন লোক আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশিত নোহোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে সন্তোষ প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে মৰিছাছক বিত্তীয় সমৰ্থন প্ৰদান বিষয়টোৱেও তেওঁলোকৰ আলোচনাত স্থান লাভ কৰে৷প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ জনসাধাৰণৰ সুস্বাস্থ্য কামনা কৰে ৷

Exit mobile version