নগাঁৱত ভুৱা কৃষকৰ নামতে কোটি কোটি টকা আত্মসাৎ

pmkisanlogo tcim0Feicfiif

নগাঁও জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বাধিক অনিয়ম সংঘটিত হৈছিল ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা সমষ্টিত ৷ সমষ্টি কেইটাত হেজাৰ হেজাৰ ভুৱা অস্তিত্বহীন কৃষকৰ নাম পঞ্জীয়ন কৰি তেওঁলোকৰ নামতেই কোটি কোটি টকা আত্মসাৎ কৰা হৈছিল । এই দুৰ্নীতিত জিলাখনৰ কৃষি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া, একাংশ মধ্যভোগী দালাল আৰু বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বাণিজ্যিক প্ৰতিনিধিও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । তথ্য অনুসৰি নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱালত ৩৬৬৮ জন,দক্ষিণ খাটোৱাল ২৪৫৪ জন, হাতী পুখুৰীত ২৪৬৮, গদাইমাৰী পথাৰত ২৩০৪, ফাকলিত ১৬২৭ জন,কোচ গাঁৱত ১১১০ জন, মাহগুৰিত ১৫২৮, ছাইদৰীয়াত ১০৮৮, বৰপেটাত ৯৯১, বৰঘাটত ১০৪৭, গেৰেকীত ১৩১২, পূব ছতিয়ানত ৯৫৪ জন লোকৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে পঞ্জীভুক্ত কৰা হৈছিল ৷

ইপিনে ধিং সমষ্টিৰ লহকৰঘাট গাঁৱৰ ২৮৪০ জন, কান্ধুলিমাৰীৰ ১১৩৬,আলিটাঙনিৰ ১৬১১, বলিকটীয়াৰ ৯২৯, দগাঁৱৰ ৯২৭, বেছামাৰীৰ ১৩৪৩ আৰু খৈমাৰীৰ ৯৪৮ জন লোকৰ নাম বটদ্ৰৱা সমষ্টিৰ ৰামপুৰ সত্ৰৰ ১৪৩৩ জন, ৰামপুৰ পামৰ ১০৫০, বৰভেটিৰ ১৩২৩ আৰু আমলখিৰ ১২৫০ জন লোকৰ নাম পি এম কে ৱাই আঁচনিৰ কৃষক হিতাধিকাৰী হিছাপে পঞ্জীয়ন কৰা হৈছিল ৷ স্মৰ্তব্য যে জিলাখনৰ ভিতৰতে সৰ্বাধিক সংখ্যক লোকৰ নাম কৃষক হিচাপে পঞ্জীয়ন কৰা হৈছিল ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱালত আৰু দ্বিতীয় সৰ্বাধিক সংখ্যক ২৮৪০ জন লোকৰ নাম কৃষক হিচাপে পঞ্জীয়ন হৈছে ধিং সমষ্টিৰ লহকৰ ঘাটত ৷ কিন্তু ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱাল আৰু ধিং সমষ্টিৰ লহকৰ ঘাটত পি এম কে ৱাইৰ হিতাধিকাৰী হিচাপে নাম পঞ্জীয়ন কৰা প্ৰায় নব্বৈ শতাংশ কৃষকেই ভুৱা বুলি সংশ্লিষ্ট অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে ।

দৈনিক অগ্ৰদূত”হাতত পোৱা তথ্য অনুসৰি এ কাদিৰ নামৰ লোক এজনৰ নাম ছবাৰ, আফিয়া খাতুনৰ নাম ছবাৰ,আইজুল হকৰ নাম সাত বাৰ, আনোৱাৰ খাতুনৰ নাম ১১ বাৰ, হাচনাৰা খাতুনৰ নাম পাঁচ বাৰ,আজিবুৰ ৰহমানৰ নাম পাঁচ বাৰ, হানুফা খাতুনৰ নাম পাঁচ বাৰ তালিকাত পঞ্জীভুক্ত কৰা হৈছে ৷ ঠিক সেইদৰে আৰফান আলীৰ নাম চাৰিবাৰ, এ কৰিমৰ নাম তিনিবাৰ, এ খালেকৰ নাম তিনিবাৰ, এ মালেকৰ নাম দুবাৰ, এ মতিনৰ নাম দুবাৰ, এ ৰহমানৰ নাম তিনিবাৰ, এ ৰেজাকৰ নাম, এ বি ছিদ্দিকৰ নাম দুবাৰ, এ মজিদৰ নাম দুবাৰ, আফিয়া বেগমৰ নাম দুবাৰ, আনোৱাৰ বেগমৰ নাম দুবাৰ, আনোৱাৰ হুছেইনৰ নাম তিনি বাৰ, আৰজিনা বেগমৰ নাম দুবাৰ, আহমদ আলীৰ নাম দুবাৰ, আনোৱাৰ বেগমৰ নাম দুবাৰ, আনোৱাৰ হুছেইনৰ নাম তিনি বাৰ, আৰজিনা বেগমৰ নাম দুবাৰ, হাচেন বাণুৰ নাম দুবাৰ, হাচেন আলীৰ নাম দুবাৰ, হাৱা বিবিৰ নাম তিনিবাৰ, হাবিবুৰৰ নাম দুবাৰ অন্তৰ্ভুক্ত কৰা হৈছে  ৷ ইপিনে লকহক গাঁও পঞ্চায়তখন অনুসুচীত জাতি লোকৰ যদিও পি এম কে ৱাইৰ হিতাধিকাৰীৰ তালিকাত অনুসূচিত জাতিৰ দহজনো কৃষকৰ নাম অন্তভুৰ্ক্ত হোৱা নাই ৷ সঠিক তদন্ত আৰু পঞ্জীভুক্ত কৃষকৰ নাম পুনৰ পৰীক্ষণ কৰিলে সমষ্টি কেইটাত হেজাৰ হেজাৰ ভুৱা কৃষক ওলাব বুলিও কৃষকসকলে দাবী কৰিছে ৷

Exit mobile version