আফ্ৰিকান ছোৱাইন জ্বৰত ১৫,৮৭৬ টা গাহৰিৰ মৃত্যু

100643645 1175993602759591 2948384290087370752 o

আফ্ৰিকান ছোৱাইন জৰত আক্ৰান্ত গাহৰি মাৰি পেলোৱাৰ বিনিময়ত পালকসকলক নিৰ্দিষ্ট মূল্যৰ ৫০ শতাংশ সাহায্য আদায় দিব ৰাজ্য চৰকাৰে । বাকী ৫০ শতাংশ সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ ৰাখিছে ৰাজ্যৰ পশুপালন আৰু পশুপালন আৰু চিকিৎসা বিভাগে । আজি ইয়াত এক সংবাদমেলত এই কথা সদৰী কৰি পশুপালন মন্ত্ৰী অতুল বৰাই কয়, ৰাজ্যৰ বিভিন্ন জিলাত আফ্ৰিকান ছোৱাইন জ্বৰৰ সংক্ৰমণ হ্ৰাস পাইছে। যদিও, সম্পূৰ্ণৰূপে বৰ্তমানো প্ৰতিৰোধ হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত গাহৰিসমূহ মাৰি পেলাই পালকসকলক সকাহ দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে।’ এই সম্পৰ্কত আজি অনুষ্ঠিত কেবিনেটত বিতংভাৱে আলোচনা কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত গাহৰিৰ মৃত্যুৰ সম্ভাৱনা ৯০-৯৫ শতাংশ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত আজি পৰ্যন্ত ১৫,৮৭৬ টা গাহৰিৰ মৃত্যু হৈছে ।

বৰ্তমানো আফ্ৰিকান ছোৱাইন জ্বৰৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলত প্ৰায় ৫০ হেজাৰ গাহৰিৰ নিৰ্দিষ্ট মূল্যৰ ৫০ শতাংশ সাহায্য হিচাপে আগবঢ়োৱাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। বাকী ৫০ শতাংশ সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোগাযোগ অব্যাহত ৰখা হৈছে। অৱশ্যে এই সময়ছোৱাত ইখন জিলাৰ পৰা সিখন জিলালৈ গাহৰিৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। বিশ্বনাথৰ বৰ তামুলী গাঁও, ধেমাজিৰ গোগা মুখ , পিপলগুৰি , শিৱসাগৰৰ কটীয়ৰি ,ভাট গছ, নিতাই পুখুৰী, খেলুৱৈ, যোৰহাটৰ বৰমুকলি গাঁও, কামৰূপ মহানগৰৰ গড়চুক, ডিব্ৰুগড়ৰ হিলৈধাৰী, শালনিকটা, মাজুলীৰ চিলাফলা মিৰি, নতুন চাপৰি, চমৈমূৰ ্ ,লখিমপুৰৰ বগীনদী, নাৰায়ণ পূৰ,গোলাঘাটৰ ঔফলা গাঁও আদিৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ছোৱাইন জ্বৰৰ অভিকেন্দ্ৰ আৰু ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ পৰ্যবেক্ষণত ৰখা হৈছে। ইয়াৰ বাবে এই অঞ্চলৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধ গাহৰি মাংস ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ইতিপূৰ্বে জাৰি কৰা নিৰ্দেশনা বাহাল থাকিব। এই অঞ্চলসমূহক বাদ দি ৰাজ্যৰ অন্যস্থানত গাহৰি মাংস ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কোনো বাধা নাই । তেওঁ এইদৰে কয় ।

লগতে আক্ৰান্ত গাহৰিসমূহ মৰাৰ পাছত বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন বুলি উল্লেখ কৰি বৰাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি আক্ৰান্ত গাহৰিৰ মৃত্যুৰ পাছত নিমখ আৰু ব্লিছিং পাউদাৰ দি ছয় ফুট গভীৰতাৰ গাঁতত মৃত গাহৰিসমূহ পুতিব লাগে। কিন্তু বানপানীৰ বাবে এইক্ষেত্ৰত সৃষ্টি হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিকল্প হিচাপে পুৰি পেলোৱাৰ বাবে পালকসকলক পৰামৰ্শ আগবঢ়োৱা হৈছে। ইয়াৰ মাজতো দুই চাৰিটা গাহৰি নৈত উটুৱাই দিয়া পৰিলক্ষিত হোৱা বুলি তেওঁ কয় । তদুপৰি বনৰীয়া গাহৰিসমূহ যাতে সংক্ৰমণ নহয় তাৰ বাবে বন বিভাগে সংশ্লিষ্ট বনাঞ্চলৰ চৌহদত এক মিটাৰ বহলকৈ নলা খন্দাৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে সংশ্লিষ্ট স্থানসমূহত প্ৰয়োজন অনুসৰি ব্লিছিং পাউদাৰ যোগানকে ধৰি অন্যান্য ব্যৱস্থা গ্ৰহণ কৰা বুলিও বৰাই কয়।

 

Exit mobile version