গোলাঘাটত কোৱাৰেন্টাইনত থকা ২১ জনৰ শৰীৰত ক’ভিড১৯

123597 coronavirus 2

সমগ্ৰ ৰাজ্যত প্ৰতিদিনে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে গোলাঘাট জিলাতো বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা । গোলাঘাট জিলাৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰত থকা ৫৮ জনৰ দেহত ক’ভিড ১৯ ধৰা পৰাৰ পাছত আজি জিলাখনত আন ২১ জন কৰ’না ৰোগী চিনাক্ত কৰা হয়।

দেৰগাঁও,নৱোদয় বিদ্যালয়,গোলাঘাট নগৰৰ এনাজৰী বিবাহ ভৱন ,মহেশ্বৰী বিবাহ ভৱন আদিত বহিঃৰাজ্যৰ পৰা ঘূৰি আহি কোৱাৰেন্টাইনত থকা এইসকলৰ ভিতৰত ১৭ জনৰ নামৰ তথ্যহে লাভ কৰা হৈছে ৷আজি আক্ৰান্ত ৰোগীসকল হৈছে জব্বাছ আলি(২১),অনিল পেগু(৪০),জিতুল দাস(২১),পাৰ্থজ্যোতি কলিতা(২৪),ৰক্তিম বসুমতাৰী(৩২),তৃষ্ণা তামা(২২),তৰুণ শইকীয়া(২১),ৰাশুল শইকীয়া(২৫),দামোদৰ তুৰি(২৫),ভূৱনেশ্বৰ ৰায়(২৪),জয়ন্ত বৰা(২৭),ৰমেন হাজৰিকা(২৫),অজিত শইকীয়া(২৪),চম্বাৰু ৰাভা(৩৭),ৰূপম লইং(২৪),অভিজিৎ বড়ি (২০)৷ আক্ৰান্তসকলৰ অধিকাংশই গোলাঘাট জিলাৰ মেৰাপানী,গমাৰী অঞ্চলৰ ৷

Exit mobile version