প্ৰাণৰ বাজি ধৰি গভীৰ চুম্বনত মত্ত

IMG 20200526 211639

সুউচ্চ অট্টালিকাৰ ছাদ । তাৰ লগতে যেন ফান্দ পাতি অপেক্ষা কৰিছে মৃত্যুৱে । এখন ভৰি সামান্য ইফাল সিফাল হলেই সকলো শেষ । যিকোনো মুহূৰ্ততে শেষ হ’ব পাৰে জীৱনটো । অথচ তেনে এক দুৰ্গম স্থানতে বহি পৰস্পৰৰ ওঁঠত ওঁঠ ৰাখি আনমনা হৈ পৰিছিল এহাল যুৱক -যুৱতী । এই প্ৰণয় যুগলৰ সেই অন্তৰংগ মুহূৰ্তকে লেন্সবন্দী কৰিছিল এজন ফটোগ্ৰাফাৰে। কোৱা হয় যে প্ৰেমৰ সময় নাই, বয়স নাই । সেই বুলিয়ে জানো স্থান -কালৰ কথা নাথাকিব? সেই ‘ভয়ানক সুন্দৰ’ ছবি খন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে বিপাঙত পৰিল সেই যুৱক -যুৱতী । অশালীন ফটো প’ষ্টৰ অভিযোগত ইৰান আৰক্ষীয়ে সম্প্ৰতি দুয়োকে গ্ৰেপ্তাৰ কৰিছে । প্ৰাণৰ সংশয়কো আওকাণ কৰি গভীৰ চুম্বনত মত্ত হোৱা এই দুই যুৱক-যুৱতী হৈছে পাৰ্কো খেলৰ এথলীট । ৯০ৰ দশকত এই পাৰ্কো খেলৰ জন্ম হৈছিল।

এই খেলত যিকোনো দুৰ্গম স্থানত অত্যন্ত বিপদৰ আশংকা লৈ বিভিন্ন ষ্টান্ট শিকোৱা হয় । বিশেষকৈ চহৰৰ ওখ অট্টালিকাৰ ছাদৰ একেবাৰে শেষ প্ৰান্তত থিয় হৈ ষ্টান্ট কৰিব লাগে । এই ক্ৰিয়াত অংশ লোৱা এহাল যুৱক -যুৱতীৰ একাংশ ফটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে । ফটোত দেখা গৈছে পাৰ্কো খেলৰ পোছাক পিন্ধি এথলীটদ্বয়ে ছাদৰ দেৱালত ভৰি শূন্যত উলমাই ৰাখি অতি ভয়ংকৰ স্থিতিত বহি চুম্বনত নিমগ্ন হৈ আছিল । এই ফটোসমূহ সামাজিক মাধ্যমত প’ষ্ট কৰাৰ পাছত বহুতেই দুয়োৰে সাহসক প্ৰশংসা কৰিছে ।অথচ দেশ খনৰ আইনৰ দৃষ্টিত প্ৰণয় -যুগল ‘খলনায়ক’ত পৰিণত হয় । ধৰ্ম আৰু সংস্কৃতিক আওকাণ কৰি এনে ফটো প’ষ্ট কৰাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰা হয় ।

উল্লেখ্য যে ফটো সমূহ প’ষ্ট কৰিছিল চুম্বনত মতলীয়া হোৱা যুৱক আলিৰেজাই । তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পাছত অৱশ্যে সামাজিক মাধ্যমত সমালোচনাৰ জোৱাৰ উঠিছে । আৰক্ষীক সমালোচনা কৰি বহুতেই লিখিছে যে পাৰ্কোৰ এথলীটদ্বয়ে কোনো অপৰাধমূলক কাম কৰা নাই । সেয়ে তেওঁলোকক এইদৰে কাৰাবন্দী কৰি ৰখাটো অনুচিত । অধিকাংশ লোকেই প্ৰণয় -যুগলৰ মুক্তিৰ দাবী কৰিছে ।

Exit mobile version