ভাৰত পাকিস্তান সীমান্তত ধৰা পৰিল পাকিস্তানী চোৰাংচোৱাৰূপী পাৰ চৰাই

75979308

জম্মু কাশ্মীৰৰ কঠুৱা অঞ্চলৰ ভাৰত পাকিস্তান সীমান্তত নিৰাপত্তা বাহিনীয়ে পিঞ্জৰাবদ্ধ কৰিলে এটা পাৰ চৰাই ৷ এই পাৰ চৰাইটোৰ ভৰিত এটা ক’ডিংযুক্ত আঙঠি আছে। ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সন্দেহ কৰা মতে “এই পাৰ চৰাইটো পাকিস্তানে ভাৰতত চোৰাংচোৱাগিৰি চলোৱাৰ উদ্দেশ্যেৰে প্ৰেৰণ কৰিছিল ৷ নিৰাপত্তা বাহিনীয়ে সীমান্ত অঞ্চলত কে’বাদিনো ধৰি এই পাৰ চৰাইটোক মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ কৰি অৱশেষত পাৰ চৰাইটোক পিঞ্জৰাবদ্ধ কৰে । ভাৰতীয় সেনাই সম্প্ৰতি পিঞ্জৰাবদ্ধ কৰা পাৰ চৰাইটোক লৈ অনুসন্ধান অব্যাহত ৰাখিছে ৷

স্থানীয় লোকে ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত সন্দেহজনক ধৰণৰ পাৰ চৰাইটোক কে’বাদিনো প্ৰত্যক্ষ কৰাৰ পাছত শংকিত হৈ সেনাবাহিনীক এই সন্দৰ্ভত অৱগত কৰিছিল । পাৰটোৰ ভৰিত থকা আঙঠিত কিছুমান নম্বৰ ক’ডিং আছে বুলি সেনাই জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে পাকিস্তানে পাৰসহ আন কেতবোৰ পশু পক্ষীৰ জৰিয়তে ভাৰতৰ সীমান্ত অঞ্চলত এইদৰে গোপনে চোৰাংচোৱাগিৰি চলাই আহিছে ৷ পূৰ্বেও পাকিস্তানে প্ৰেৰণ কৰা চোৰাংচোৱাৰূপী পক্ষী ভাৰতীয় নিৰাপত্তা বাহিনীয়ে ধৰা পেলাইছিল ৷ দুদিন পূৰ্বে পঞ্জাবৰ ভাৰত পাকিস্তান সীমান্ততো এনে ধৰণৰ এটা সন্দেহজনক পাৰ চৰাই ভাৰতীয় নিৰাপত্তা বাহিনীয়ে ধৰা পেলাইছিল ৷

Exit mobile version