লোক শিল্পীক তিনিমাহলৈ বিত্তীয় সাহায্য প্ৰদানৰ সিদ্ধান্ত দিছপুৰৰ

IMG 20200527 133527

ক’ভিড-১৯ ৰ বাবে অব্যাহত থকা দীঘলীয়া তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ লোক সংস্কৃতিক জীয়াই ৰখাৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা দুখীয়া শিল্পী সকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত তেওঁলোকৰ আৰ্থিক অৱস্থা কাহিল হৈ পৰিছে । ইয়াৰ পৰিপেক্ষিতত সেই শিল্পীসকলক যোৱা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনিমাহৰ বাবে প্ৰতিমাহে দুহেজাৰ টকাকৈ আগবঢ়াব অসম চৰকাৰে । মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা মন্ত্ৰী পৰিষদৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অহা জুনলৈ আহিবলগীয়া এই বিত্তীয় সাহাৰ্য্য প্ৰদানৰ দায়িত্বত থাকিব চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ। বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদৰী কৰা অনুসৰি ঢুলীয়া, নাগাৰা নাম, বেণ্ডপাৰ্টী, ওজাপালি আদি লোক সংস্কৃতিৰ লগত জড়িত শিল্পীসকলে এই সাহাৰ্য্য লাভ কৰিব । এনে শিল্পীৰ নাম সাংস্কৃতিক সঞ্চালকালয়ত পঞ্জীয়ন আছে বুলি মন্ত্ৰী জনে প্ৰকাশ কৰে।

বৈঠকত অসমত ক’ভিড-১৯ ৰ সংক্ৰমণ আৰু তাৰ সমান্তৰালকৈ আৰম্ভ হোৱা বানৰ সমস্যাটোক লৈ বিশেষ ভাৱে আলোচনা কৰা হয়। এই সন্দৰ্ভত কে’বাটাও সিদ্ধান্ত বৈঠকত গৃহীত হয়। বৈঠকত ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে অসমত ক’ভিড-১৯ৰ সামাজিক সংক্ৰমণ অদ্যাপি আৰম্ভ হোৱা নাই । গতিকে এই সংক্ৰমণ যাতে বৰ্তমানৰ দৰে নিয়ন্ত্ৰিত অৱস্থাতে থাকে তাৰ বাবে কোৱাৰেন্টাইন আপোচ কৰা নহ’ব ।

তাৰ ভিত্তিত বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে যে কোৱাৰেন্টাইনৰ নীতি নিয়ম ৰাজ্যত কঠোৰভাৱে বলবৎ হ’ব । বহি:ৰাজ্যৰ পৰা আহা কোনো লোককে কোৱাৰেন্টাইনত নথকাকৈ ঘৰলৈ যাবলৈ দিয়া নহ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে, বানৰ ক্ষেত্ৰত গৃহীত সিদ্ধান্তত উল্লেখ কৰা হয় যে বানাক্ৰান্ত কোনো লোক যাতে সাহাৰ্য্য লাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে সাহাৰ্য্য নীতি অনুসৰি উপয়ুক্তসকলে প্ৰয়োজনীয় সা-সামগ্ৰী তৎকালে মজুত কৰিব লাগিব ।

কেবিনেটে উপায়ুক্তসকলক পৰ্যাপ্ত সাহাৰ্য্য সামগ্ৰী মজুত কৰা আৰু মথাউৰি সমূহৰ মেৰামতি বাবে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । একেটা সিদ্ধান্ততে ক’ভিড-১৯ ৰ পৰিস্থিতি তদাৰকৰ বাবে জিলা ভিত্তিত নিযুক্তি দিয়া মন্ত্ৰী সকলক বান পৰিস্থিতি তদাৰকৰ দায়িত্বও দিয়া হয়।

উল্লেখ্য যে ৰাজ্যৰ বৃস্তিত অঞ্চল ইতিমধ্যে বানৰ কবলত পৰিছে। ক’ভিডৰ আতংকৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি আৰম্ভ হোৱা বানৰ তাণ্ডৱত বিভিন্ন জিলাৰ হেজাৰ হেজাৰ লোকৰ আলৈ-আথানি নোহোৱা হৈছে। অসমলৈ বহিঃৰাজ্যত নিম্ন আয়ৰ বৃত্তিত কৰ্মৰত লাখ লাখ যুৱক তলাবন্ধৰ পৰিপ্ৰেক্ষিতত কৰ্মসংস্থাপন হেৰুৱাই উভতি আহিছে। পৰিস্থিতি উন্নত হোৱাৰ পাছত সেইসকল যুৱক পুনৰ পূৰ্বৰ কৰ্মস্থলীলৈ উভতি যাবলৈ সক্ষম হ’বনে নাই সেয়া নিশ্চিত নহয়।

এনে যুৱকৰ ভিৰৰ ফলত ৰাজ্যত কৰ্মসংস্থাপনহীন লোকৰ সংখ্যা আগন্তুক দিনত যথেষ্ট বৃদ্ধি পাব । সেইসকল যুৱকক কৃষিভিত্তিক উৎপাদন কাৰ্যত নিয়োগৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে ঘোষণা কৰিছে। মন্ত্ৰী পৰিষদৰ বৈঠকত এই বিষয়টো বিস্তাৰিত ভাৱে আলোচনা হয় । আলোচনাৰ অন্তত শাসক দল বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামলৈ ১,১৭৬ বিঘা ভূমি বৈঠকে আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য যে হাজৰিকাই এই বহুমুখী পামখনৰ জৰিয়তে বৃহৎ সংখ্যক লোকক আত্মনিয়োগৰ বাট দেখুৱাইছে। ইয়াৰ উপৰি অসম কেয়াৰ আঁচনিৰ অধীনত বহিঃৰাজ্যত আবদ্ধ ৩.৬১ লাখ লোকলৈ এপ্ৰিল, মে’ আৰু জুনৰ বাবে প্ৰতিমাহে দুহেজাৰ টকাকৈ বিত্তীয় সাহায্য প্ৰদানত মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়। বৈঠকত ৰাজ্যত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা বুলি উত্থাপিত অভিযোগক নাকচ কৰে।

তাৰ ভিত্তিত মন্ত্ৰী পাটোৱাৰীযে কয় যে মূল্যবৃদ্ধি হোৱা বুলি যিবোৰ চৰ্চা চলি আছে তাৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে বৈঠকত যোগান মন্ত্ৰীক বক্তব্য আগবঢ়াবলৈ দিয়ে। যোগানমন্ত্রীৰ বক্তব্যত স্পষ্ট হয় যে ৰাজ্যত সকলো সামগ্ৰী যথেষ্ট পৰিমাণে মজুত হৈ আছে। গতিকে মূল্যবৃদ্ধিৰ কথাই নাহে । তদুপৰি সামগ্ৰীৰ মূল্য নবঢ়াবলৈ ব্যৱসায়ীসকলকো অনুৰোধ কৰা হৈছে । তলাবন্ধৰ সময়ছোৱাত খাদ্য সামগ্ৰী কঢ়িয়াই বহিঃ ৰাজ্যৰ পৰা ৬২৫ খন ৰেল অসমলৈ আহে বুলি প্ৰসংগক্ৰমে পাটোৱাৰীয়ে সদৰী কৰে ।

Exit mobile version