ইউ জি চিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

2016 10largeimg23 Sunday 2016 014120020

এতিয়াৰ পৰা দেশৰ ছাত্ৰ ছাত্ৰীসকলে একেলগে দুটা পাঠ্যক্ৰমৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰিব ৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক বিবৃতিত উল্লেখ কৰা মতে ছাত্ৰ ছাত্ৰীসকলে একেলগে দুটা বিষয়ত ডিগ্ৰী গ্ৰহণ কৰিব বিচাৰিলে তেওঁলোকে দুটা পৃথক মাধ্যমেৰে এই ডিগ্ৰী গ্ৰহণ কৰিব লাগিব ৷ এই মাধ্যম দুটাৰ এটা হ’ব নিয়মীয়া পদ্ধতি আৰু আনটো হ’ব লাগিব দূৰশিক্ষা পদ্ধতি ৷ ইউ জি চিৰ মুখপাত্ৰ ৰজনীশ জৈনে এই কথা প্ৰকাশ কৰি কয় “সম্প্ৰতি আয়োগৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে ৷

ফলত এতিয়াৰ পৰা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলে একেলগে দুটা বিষয়ত ডিগ্ৰী গ্ৰহণ কৰিব পাৰিব ৷ এই দুটা ডিগ্ৰীৰ এটা ডিগ্ৰী নিয়মিত বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা গ্ৰহণ কৰিব লাগিব আৰু আনটো ডিগ্ৰী ছাত্ৰ ছাত্ৰীয়ে অনলাইন বা দূৰশিক্ষা পদ্ধতিৰে ল’ব লাগিব ৷ এই সন্দৰ্ভত অচিৰে বিস্তাৰিত তথ্য প্ৰকাশ কৰা হ’ব ৷ উল্লেখযোগ্য যে যোৱা বছৰত ইউ জি চিয়ে একেলগে দুটা ডিগ্ৰী গ্ৰহণ কৰাৰ সুবিধা প্ৰদানৰ সন্দৰ্ভত বিবেচনা কৰিবলৈ এখন সমিতি গঠন কৰিছিল ৷

Exit mobile version