চাৰিদিন ধৰি দাউ দাউকৈ জ্বলিছে উত্তৰাখণ্ডৰ বিস্তীৰ্ণ সেউজ বনাঞ্চল

uttarakhand forest fire

একেৰাহে ৪দিন ধৰি ৪৬ টা দাবানলত দাউদাউকৈ জলিবলৈ ধৰিছে উত্তৰাখণ্ডৰ বিস্তৃৰ্ণ সেউজ বনাঞ্চল । বন বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, এই বনজুইৰ ফলত বিভাগটোৰ এতিয়ালৈকে কমেও ১.৩২ লাখ টকাৰ ক্ষতি হৈছে আৰু দাবানলত বনাঞ্চলৰ ৭১ হেক্টৰ ভূমি ভস্মীভূত হৈছে। বনজুইৰ ফলত সৰ্বাধিক ক্ষতি হৈছে কুমায়ুনৰ জংঘল সমূহৰ। চলিত বৰ্ষত কেৱল এই অঞ্চলতে বনজুইৰ ফলত কমেও ১২০০ হেক্টৰ বনাঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হৈছে। কুমায়ুনৰ বাদেও নৈনিতাল, আলমূৰা, পাউৰি গাৰোৱাল, ডেৰাডুন আৰু টেহৰিত বনাঞ্চলৰ যথেষ্ট ভূমি অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হৈছে।

প্ৰবল বতাহৰ ফলত অগ্নি কম সময়ৰ ভিতৰতে বৃহৎ অঞ্চললৈ বিয়পি পৰিছে। উত্তৰাখণ্ডৰ বিস্তীৰ্ণ বনাঞ্চলত অব্যাহত থকা এই বনজুইৰ ফলত অঞ্চলটোত থকা বন্যপ্ৰাণীৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । বনজুইয়ে ইতিমধ্যে অঞ্চলটোৰ বহু বিৰল প্ৰজাতিৰ প্ৰাণীৰ জীৱন নাশ কৰাৰ লগতে এই অঞ্চলত থকা দুৰ্লভ গছ গছনিও ভস্মীভূত হৈছে। বনজুইয়ে জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই দাবানলৰ ফলত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে আৰু আন এজনৰ অৱস্থা অতি সংকটজনক । যোৱা ২৩ মে’ত দাবানলৰ সূত্ৰপাত হৈছিল আৰু বিগত ৪ দিন ধৰি অব্যাহত থকা বনজুয়ে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে। অগ্নিনিৰ্বাপক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

Exit mobile version