ছাগলী বেছি বিমানৰ টিকট ক্ৰয় শ্ৰমিকৰ

IMG 20200528 222924

তলাবন্ধ কিছু শিথিল কৰাৰ পাছৰে পৰা অব্যাহত আছে প্ৰব্ৰজন শ্ৰমিকৰ গৃহাভিমুখী হোৱাৰ যাত্ৰা । তথাপি বহুতেই এতিয়াও ৰেল বা বিমানৰ টিকট নোপোৱাত অপেক্ষাতে থাকিবলগীয়া হৈছে । তেনে পৰিস্থিতিত ৰেলৰ টিকট নোপোৱাৰ বাবে বিমানতে গৃহলৈ ওভতাৰ পৰিকল্পনা কৰি মহা সমস্যাত পৰিল পশ্চিম বংগৰ এজন শ্ৰমিক । কিয়নো বিমানৰ টিকটৰ মূল্য যোগাৰ কৰিবলৈ শ্ৰমিক জনে তিনিটা পোহনীয়া ছাগলীকে বিক্ৰী কৰি দিয়ে । কিন্তু বিমান সেৱা পুনৰ বাতিল হোৱাৰ উপৰি টিকটৰ মূল্য ঘূৰাই নোপোৱাত লোকজন মহা সমস্যাতৰ সন্মুখীন হৈছিল । অৱশ্যে শ্ৰমিক জনৰ লগতে আন দুজন লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে দেশৰ বৃহত্তম বিমান সংস্থা ইণ্ডিগ’।

উল্লেখ্য যে দেশত যোৱা ২৫ মে’ৰ পৰা আভ্যন্তৰীণ বিমান চলাচল আৰম্ভ হয় ।ইয়াৰ বাবে কিছুদিনৰ আগৰে পৰাই টিকট সংৰক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । মুম্বাইত শ্ৰমিকৰূপে জীৱন নিৰ্বাহ কৰা পশ্চিমবংগৰ এজন লোকে শ্ৰমিক ৰেলৰ পৰিৱর্তে বিমানেৰে স্ব-গৃহলৈ ওভতাৰ পৰিকল্পনা লয় । ইয়াৰ বাবে নিজৰ তিনিটা পোহনীয়া ছাগলী বিক্ৰী কৰি তেওঁ ৩০হেজাৰ ছশ টকা সংগ্ৰহ কৰাৰ পাছত বিমানৰ টিকট ক্ৰয় কৰে । কিন্তু শেষ মুহূৰ্তত কলকাতা অভিমুখী বিমান বাতিল হৈ পৰে । ইতিমধ্যে টিকট ক্ৰয় কৰা সকলক মূল্য ঘূৰাই দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল।কিন্তু অধিকাংশ লোকেই মূল্য ওভতাই নোপোৱাৰ অভিযোগ উঠিছে ।

ছাগলী বেছি টিকট কটা শ্ৰমিক জনো মহা বিপদত পৰে । কিয়নো পোহনীয়া ছাগলী তিনিটাৰ লগতে ইয়াৰ মূল্যও তেওঁ হেৰুৱালে । সংবাদ পত্ৰই এই বাতৰি প্ৰত্যক্ষ কৰাৰ পাছতে ইণ্ডিগ’ৰ তৰফৰ পৰা শ্ৰমিকজনৰ লগতে আন দুজন লোকলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰে । বিমান সংস্থা টোৰ তৰফৰ পৰা আজি টুইট কৰি জনোৱা হয়, ‘সংস্থাৰ তৰফৰ পৰা উক্ত তিনি যাত্ৰীৰ কলকাতালৈ ওভতাৰ ব্যৱস্থা হ’ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ আবেদন মানি লৈ বিমানসেৱা বাতিল কৰা হৈছিল । কিন্ত ২৮ মে’ত যাত্ৰী সকলক ৰাজ্যলৈ ঘূৰাই পঠোৱা হ’ব।’

Exit mobile version