দেশত বিগত এমাহতে কৰ্ম সংস্থাপন হেৰুৱালে ১২ কোটিৰ অধিক লোকে

https s3 ap northeast 1.amazonaws.com psh ex ftnikkei 3937bb4 images 5 3 8 8 26898835 6 eng GB Cropped 1588913189RTS37I7Q

দেশজুৰি প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ শ্ৰমিকৰ ৰেলৰ যাত্ৰা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে আন এখন ভয়াৱহ ছবি উন্মোচিত হৈছে ৷ সম্প্ৰতি দৃশ্যমান হ’বলৈ ধৰিছে দেশৰ নিবনুৱাৰ ভয়াৱহ ছবিখন ৷প্ৰতিদিনে ৰেলেৰে হেজাৰ হেজাৰ শ্ৰমিক নিজ ঘৰলৈ উভতিছে ৷ সংস্থাপন এতিয়া বন্ধ হৈ আছে ৷ তলাবন্ধ প্ৰত্যাহাৰ আৰু পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত কৰ্মস্থলীলৈ পুনৰ উভতিলেও সংস্থাপন লাভৰ কোনো নিশ্চয়তা নাই ৷ ফলত অসংগঠিত ক্ষেত্ৰত পৰিস্থিতি কিমান ভয়াৱহ হোৱাৰ পথত তাৰ উমান দিছে প্ৰব্ৰজিত শ্ৰমিকৰ ওভতনি যাত্ৰাই ৷ এটা ব্যক্তিগত সংস্থাৰ হিচাপ অনুসৰি বিগত এমাহত কাম হেৰুৱাইছে ১২ কোটিৰো অধিক লোকে ৷ সময় বাগৰাৰ লগে লগে এই সংখ্যা অধিক বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ৷

চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমি নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰিসংখ্যা অনুসৰি বিগত মাহত ১২ কোটি ২০ লাখ লোকে চাকৰি হেৰুৱাইছে । দিন হাজিৰা কৰা শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিয়োগ কৰা শ্ৰমিকসকল শোচনীয়ভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত আছে হকাৰ,পদপথৰ ব্যৱসায়ী,নিৰ্মাণ খণ্ডত জড়িত শ্ৰমিক,ৰিক্সাচালক আদি ৷ সংস্থাটোৰ মতে প্ৰব্ৰজিত শ্ৰমিকৰ ওভতনি যাত্ৰা আৰম্ভ নোহোৱা পৰ্যন্ত ছবিখন স্পষ্ট হোৱা নাছিল । কৰ্মস্থলী আৱদ্ধ হৈ থকাত ধাৰণা কৰা হৈছিল যে তেওঁলোকক বৰ্খাস্ত কৰা হোৱা নাই ।উন্নয়ন খণ্ডৰ বহুজাতিক পৰামৰ্শদাতা সংস্থা আই পি ই গ্ল’বেলৰ মতে, ভাইৰাছৰ আক্ৰমণতকৈ অধিক মানুহৰ মৃত্যু হ’ব অভাৱৰ ফলত ৷ সংস্থাটোৰ পৰিচালন সঞ্চালক অশ্বজিৎ সিঙে কয় যে বহু বছৰ ধৰি দ্ৰৰিদ্ৰতা নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে কৰি অহা প্ৰচেষ্টা মাত্ৰ কেইমাহমানৰ ভিতৰতে ধূলিসাৎ হ’ব পাৰে।

Exit mobile version