বাঘজান তৈলক্ষেত্ৰৰ বিস্ফোৰণৰ পাছত অশনি সংকেট জীৱকুললৈ

WhatsApp Image 2020 05 29 at 2.26.34 PM

তিনিচুকীয়াৰ বাঘজানত অইল ইণ্ডিয়াৰ তৈলক্ষেত্ৰ সংঘটিত বিস্ফোৰণৰ ফলত তৃতীয়দিনাও ভয়াৱহ তেলৰ লগতে মিশ্ৰিত গেছ নিৰ্গত হৈ থকাৰ ফলত অস্বাভাৱিক ভাৱে মৃত্যু মুখত পৰিছে বিৰল প্ৰজাতিৰ শিশুৰ লগতে জীৱকূল ৷ তৈলক্ষেত্ৰখনৰ পৰা গেছ নিৰ্গত হৈ হোৱা অগ্নিকাণ্ডই বিপদ মাতিছে জৈৱ বৈচিত্ৰ্যৰ লগতে জীৱকুলৰ প্ৰতি । উল্লেখ্য যে জিলাখনৰ বাঘজানস্থিত “BGR 5” নম্বৰৰ তৈলখাদত বুধবাৰে পুৱা এক বিস্ফোৰণ সংঘটিত হৈছিল । অইল কৰ্তৃপক্ষই খাদটোৰ পৰা নিৰ্গমন হোৱা গেছ আৰু তেল তৃতীয়দিনাও বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ।

তৈলক্ষেত্ৰটোৰ পৰা ভয়াৱহ তেল আৰু মিশ্ৰিত গেছ নিৰ্গত হোৱাৰ ফলত বাঘজান অঞ্চলত থকা খাল-বিল সমূহৰ লগতে ডিব্ৰু নৈ মাগুৰি মটাপুং বিলৰ পানীৰ ওপৰত তেলৰ চামনি পৰাৰ ফলত মৃত্যু হৈছে বিৰল প্ৰজাতিৰ শিশুৰ লগতে মাছ । সমান্তৰালভাৱে মৃত্যু হৈছে অঞ্চলটোৰ জীৱ-জন্তু, হাঁহ-কুকুৰাৰ ৷ অন্যহাতে, অহৰহ গেছ আৰু তেল নিৰ্গত হৈ থকাৰ বাবে যিকোনো মুহুৰ্ততেই অঞ্চলটোত ভয়াৱহ অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সম্ভাৱনা ঘনীভুত হৈ পৰিছে । কেইখনমান অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে পানী মাৰি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে ৷ ইফালে, তৈলখাদটোৰ পৰা গেছ নিৰ্গত হৈ হোৱা বিকট শব্দই আতংকিত কৰি তুলিছে স্থানীয় ৰাইজক ৷

Exit mobile version