অচিৰেই ছবিগৃহত সূৰ্যবংশী আৰু ৰাধে

Radhe Your Most Wanted Bhai First Look

সমগ্ৰ দেশত কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধৰ কাৰণে অন্যান্য ক্ষেত্ৰৰ সমান্তৰালকৈ বিশেষভাৱে লোকচানৰ সন্মুখীন হৈছে চলচ্চিত্ৰ গৃহৰ মালিকসকল ৷ সেয়েহে মালিকসকলে ৩০ জুনৰ ভিতৰত চলচ্চিত্ৰ গৃহসমূহ খুলি দিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ।ইপিনে মাল্টিপ্লেক্স এছ’চিয়েছন অফ ইণ্ডিয়াই আশ্বাস দিয়ে যে কৰ’না ভাইৰাছ দৰ্শকৰ মাজত সংক্ৰমণ নহ’বলৈ উপযুক্ত ব্যৱস্থা কৰা হ’ব । লগতে ১৫ ৰ পৰা ৩০ জুনৰ ভিতৰত ছবিগৃহসমূহ খোলাৰ আশা প্ৰকাশ কৰিছে মাল্টিপ্লেক্স এছ’চিয়েছন অফ ইণ্ডিয়াই ৷ মাল্টিপ্লেক্স এছ’চিয়েছনে কয় যে যদি ছবি গৃহসমূহ খোলা হয় তেন্তে ছবি গৃহসমূহ চাফা কৰাৰ লগতে দৰ্শকসকলৰ শৰীৰৰ তাপমাত্ৰাও নিৰীক্ষণ কৰা হ’ব। চিনেমা গৃহত কাম কৰা কৰ্মচাৰীসকলে মাস্ক,চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ উপৰিও তেওঁলোকে আৰোগ্য সেতু ডাউনলোড কৰাতো হ’ব বাধ্যতামূলক ।লগতে সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব ৷

৫০ শতাংশ দৰ্শকহে উপস্থিত থাকিব পাৰিব ছবি গৃহসমূহত ৷ইফালে “সূৰ্যবংশী,ৰাধে”ৰ ছবিৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শকসকলে ৷  সূৰ্যবংশী আৰু ৰাধেৰ দৰে ছবিয়ে ছবিগৃহলৈ দৰ্শকক আনিব বুলি আশা প্ৰকাশ কৰিছে ছবিগৃহৰ মালিকসকলে ৷উল্লেখযোগ্য যে,কৰ’নাৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে বলীউডৰ বহু কলা কুশলীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। তাৰ মাজতে বলীউডত অচিৰেই ছবি নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰডিউচাৰ্ছ গিল্ড অৱ ইণ্ডিয়াই শেহতীয়াভাৱে ৩৭  পৃষ্ঠাৰ এখন নতুন কাৰ্যপদ্ধতিৰ নিৰ্দেশনাৱলী প্ৰকাশ কৰিছে। ছবি নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হ’লে দেশৰ সকলো বিনোদন প্ৰতিষ্ঠান তথা চিত্ৰ নিৰ্মাতাসকলে এই নিৰ্দেশনা মানি চলিব লাগিব ৷যোৱা সপ্তাহত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰে স’তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিনোদন জগতৰ কে’বাজনো সংগঠকে এক আলোচনাত অংশ লৈছিল ৷

এই আলোচনাৰ পাচতে পি জি আয়ে উক্ত কাৰ্যপদ্ধতিৰ নতুন নিৰ্দেশনাৱলী যুগুত কৰে ৷চলচ্চিত্ৰৰ নিৰ্মাণ পুনৰ আৰম্ভ হ’লে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ছবি নিৰ্মাতাসকলে কিছুমান নিয়ম মানি চলিব লাগিব ৷তাৰ ভিতৰত সকলো কৰ্মীয়ে তিনি তৰপীয়া মাস্ক আৰু গ্লাভছ পৰিধান কৰিব লাগিব ৷কৰমৰ্দন চুম্বন আলিংগন তথা অন্যান্য শাৰীৰিক স্পৰ্শজনিত অভিবাদন এৰাই চলিব লাগিব ,ছেট কাৰ্যালয় আৰু  ষ্টুডিঅ’ত ধূমপান কৰিব নোৱাৰিব,সহকৰ্মীসকলে দুই মিটাৰৰ ব্যৱধান ৰাখিব লাগিব ,আগন্তুক কমেও তিনিমাহলৈ ৬০ বছৰৰ উধ্বৰ অভিনেতা অভিনেত্ৰী বা আন কোনো সদস্যক চিত্ৰ নিৰ্মাণৰ স’তে জড়িত কৰিব নোৱাৰিব ৷

Exit mobile version