এজাহাৰ দাখিল কৰিলে কণ্ঠশিল্পী বৰ্ণালী কলিতাই

ePugaTN

অসমৰ কেইটামান ফেচবুক পেজৰ বিৰুদ্ধে কণ্ঠশিল্পী বৰ্ণালী কলিতাই আজি তিনিচুকীয়াত দাখিল কৰে এখন এজাহাৰ । শিল্পীসকলক মানসিকভাৱে হাৰাশাস্তি কৰা কেইটামান ফেচবুক পেজৰ বিৰুদ্ধে সৰৱ হৈ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে কণ্ঠশিল্পী গৰাকীয়ে । বৰ্ণালী কলিতাই অভিযোগ কৰে, “সমগ্ৰ দেশতে মহামাৰী কৰ’না ভাইৰাছৰ বাবে আতংক চলি থকাৰ সময়ত সামাজিক মাধ্যম ফেচবুকত কিছুমান ফেচবুক পেজৰ প্ৰকাশকে অসমৰ বিভিন্ন কণ্ঠশিল্পী সকলৰ ফটো লৈ মিম তৈয়াৰ কৰি মানসিকভাৱে হাৰাশাস্তি দি আহিছে ।” ৰাইজক আমোদ দিয়াৰ নামত ৰাজ্যৰ কণ্ঠশিল্পী সকলক হাৰাশাস্তি কৰা ফেচবুক পেজৰ প্ৰশাসক সকলৰ বিৰুদ্ধে ৰাজ্যৰ অন্যান্য শিল্পীসকলেও আইনৰ কাষ চাপিব বুলিও মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে ।

তিনিচুকীয়াত এজাহাৰ দাখিল কৰি অসমৰ শিল্পীসকলক হাৰাশাস্তি কৰা এইসকল ফেচবুক পেজৰ প্ৰকাশকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী অধীক্ষকগৰাকীক অহ্বান জনোৱাৰ কথা সংবাদমাধ্যমক অৱগত কৰে কন্ঠশিল্পী বৰ্ণালী কলিতাই । উল্লেখযোগ্য যে তলাবন্ধৰ সময়ত ৰাজ্যৰ শিল্পী সকলে বিভিন্ন ফেচবুক পেজত পোনপটীয়াকৈ অনুষ্ঠান নকৰাৰ বাবেই ৰাজ্যৰ প্ৰায় ১৫০ টা ফেচবুক পেজৰ প্ৰকাশকে শিল্পীসকলক ব্লেকলিষ্ট কৰা বুলি প্ৰচাৰ কৰাৰ উপৰিও বিভিন্ন মিম তৈয়াৰ কৰি শিল্পীসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

Exit mobile version