কৰ’না নহয়, কৰ্কটে ৰুদ্ধ কৰিলে বিশ্বৰ প্ৰবীণতম পুৰুষৰ জীৱনযাত্ৰা

mega639425 013

কৰ’না ভাইৰাছৰ তাণ্ডৱৰ মাজতে পৃথিৱীৰ পৰা বিদায় ল’লে প্ৰবীণতম পুৰুষজনে । অৱশ্যে কৰ’না নহয়, বৰঞ্চ কৰ্কট ৰোগেহে ৰুদ্ধ কৰিলে ইংলেণ্ডৰ বব ৱেইটনৰ শতায়ুগৰকা জীৱনযাত্ৰা । ১১২বছৰীয়া ৱেইটনে কালি হেম্পশ্বায়াৰৰ নিজগৃহত শেষ নিশ্বাস ত্যাগ কৰাৰ কথা সদৰী কৰে তেওঁৰ পৰিয়ালে । ১৯০৮ৰ ২৯ মাৰ্চত পূব য়ৰ্কশ্বায়াৰৰ হাল চহৰত ৱেইটনৰ জন্ম হৈছিল । প্ৰাক্তন শিক্ষক তথা ইঞ্জিনীয়াৰ জনে যোৱা ফেব্ৰুৱাৰীত বিশ্বৰ প্ৰবীণতম পুৰুষৰ আখ্যা লাভ কৰিছিল । শতাধিক বছৰ জীয়াই থাকিলেও মৃত্যুলৈ ভয় কৰিছিল প্ৰবীণতম পুৰুষজনে । সেয়ে কৰ’না ভাইৰাছে ইংলেণ্ডত তাণ্ডৱ চলাবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁ প্ৰাণৰক্ষাৰ পথৰ সন্ধান কৰিছিল । নানা প্ৰতিকূল পৰিৱেশক আওকাণ কৰি জীয়াই থকা ৱেইটনক অৱশ্যে কৰ’না ভাইৰাছে পৰাজিত কৰিব নোৱাৰিলে । তেওঁ পৰাজিত হ’ল কৰ্কটৰ হাতত ।

১৯১৮ত স্পেনিছ ফ্লুত বিশ্বত পাঁচ কোটিৰো অধিক লোকৰ মৃত্যু হোৱাৰ সময়ত ৱেইটনৰ বয়স আছিল ১০বছৰ । ভাইৰাছৰ ভয়াৱহতাৰ বিষয়ে সেই সময়ত বুজিব পৰা নাছিল । পৰৱৰ্তী সময়ত কিতাপ পঢ়িহে স্পেনিছ ফ্লু অতিমাৰীৰ বিষয়ে বুজিব পাৰিছিল।ৱেইটনৰ সৰল স্বীকাৰোক্তি, ‘সেই বয়সত মই বিশেষ একো বুজা নাছিলো । আমাৰ পৰিয়াল বা পৰিয়ালৰ কোনো ঘনিষ্ঠ লোকৰ মৃত্যু হোৱা নাছিল।’ সেই লোকজনেই বিশ্বজুৰি কৰ’না ভাইৰাছৰ তাণ্ডৱ দেখি শিয়ঁৰি উঠিছিল । উদ্বেগ ধৰা পৰিছিল তেওঁৰ কথাতে ।’ জীয়াই থাকিবলৈ হ’লে কি কৰিব লাগিব, সেয়াই নাজানো । সমগ্ৰ পৃথিৱী খনেৰ অৱস্থা যেন ধূসৰ হৈ পৰিছে । নাজানো শেষ পৰ্যন্ত কি হয় ।’ ৱেইটনে কয় ।

দুখনকৈ বিশ্বযুদ্ধ পাৰ কৰি অহা ৱেইটনে তেতিয়ালৈ অৱশ্যে জনা নাছিল যে তেওঁৰ শৰীৰত নীৰৱে বাহ লৈছিল মাৰাত্মক কৰ্কটে।শতাধিক বছৰ জীয়াই থকাৰ ৰহস্য সম্পৰ্কতো তেওঁ কয়, ‘কোনো গোপন ফৰ্মূলা মোৰ হাতত নাই । কিন্ত মই কেতিয়াও বৃদ্ধ হ’বলৈ বিচৰা নাছিলো ।’ উল্লেখ্য যে শেষ বয়সলৈকে ৱেইটনে নিজক সক্ৰিয় কৰি ৰাখিছিল । নিজৰ এপাৰ্টমেণ্টৰ এটা শোৱনিকোঠাক কাঠৰ আচবাব তৈয়াৰী কাৰখানালৈ ৰূপায়ন্তৰিত কৰি তেওঁ অধিক সময় তাতেই ব্যস্ত হৈ থাকিছিল । অসংখ্য ঘটনাৰ সাক্ষী এই প্ৰবীণতম পুৰুষজনে বিগত ১১২টা বছৰত ব্ৰিটিছ ৰাজসিংহাসনত পাঁচজনক উপবিষ্ট হোৱা প্ৰত্যক্ষ কৰিছিল । দেখিছিল ব্ৰিটেইনৰ ২৬জন প্ৰধানমন্ত্ৰীৰ সালসলনি । তিনি সন্তানৰ দুই জীৱিত পুত্ৰ -কন্যাৰ লগতে ৱেইটনে এৰি গৈছে ১০নাতি-নাতিনী আৰু ২৫ পৰিনাতি-পৰিনাতিনীক।

Exit mobile version