কৰ’না: বিশ্বত নতুনকৈ চাৰে আঠ কোটি শিশু চিকাৰ হ’ব দৰিদ্ৰতাৰ

image 2 2

কৰ’নাৰ প্ৰভাৱত বিশ্বৰ অনুন্নত আৰু উন্নয়নশীল দেশ সমূহত চাৰে আঠ কোটিৰো অধিক শিশু নতুনকৈ দৰিদ্ৰতাৰ সন্মুখীন হ’ব । এই আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই । ইউনিচেফৰ এটি সমীক্ষা অনুসৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ নেতিবাচক প্ৰভাৱত সমগ্ৰ বিশ্বজুৰি যি অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছে তাৰ ফলতে চলিত বৰ্ষৰ অন্তিম পৰ্যায়লৈ এই চাৰে আঠ কোটি শিশু নতুনকৈ দৰিদ্ৰতাৰ সন্মুখীন হ’ব । সমীক্ষাটোৰে জড়িতসকলে জনোৱা অনুসৰি এই ক্ষেত্ৰত অনুন্নত আৰু উন্নয়নশীল দেশসমূহত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা শিশুৰ সংখ্যাই ৬৭কোটিৰ সীমা পাৰ কৰিব । এই শিশুসকলৰ ভিতৰত দুই -তৃতীয়াংশই চাহাৰ মৰুভূমিৰ দক্ষিণ আফ্ৰিকা মহাদেশ তথা দক্ষিণ এছিয়াৰ বাসিন্দা ।

শিশু অধিকাৰৰ স’তে জড়িত স্বেচ্ছাসেৱী সংস্থা ‘ছেভ দ্য চিলড্ৰেন’ৰ পৰা জনোৱা অনুসৰি শিশুসকলে অতি কম সময়ৰ বাবেও ক্ষুধা অথবা অপুষ্টিৰ চিকাৰ হ’লেও তাৰ প্ৰভাৱ সমগ্ৰ জীৱন ধৰি থাকি যায় । ইউনিচেফে এই সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে মূলত বিশ্ববাসীক বিষয়টোত সচেতন কৰাৰ উদ্দেশ্যে।কৰ’নাৰ প্ৰভাৱত সমগ্ৰ বিশ্বজুৰি বিধ্বস্ত হৈ পৰিছে অৰ্থনীতি । যোৱা দুদিন পূৰ্বেই মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰ’না মৃতকক সংখ্যাই এক লাখৰো সীমা অতিক্ৰম কৰিছে । ইয়াৰে প্ৰায় এক -তৃতীয়াংশ মৃত্যুৰ ঘটনা সংঘটিত হৈছে বিশ্বৰ অৰ্থনৈতিক ৰাজধানী স্বৰূপ নিউয়ৰ্কত । ফলত যোৱা তিনিমাহত মাৰ্কিন যুক্তৰাষ্ট্ৰত চাৰে তিনি কোটিৰো অধিক লোক কৰ্মহীন হৈ পৰিছে । শেহতীয়াকৈ নিউয়ৰ্কত কৰ’নাৰ মৃতকৰ হাৰ কিছু হ্ৰাস পালেও মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অন্যান্য ২০খন প্ৰদেশত মৃতকৰ সংখ্যাবৃদ্ধি পাবলৈ লৈছে । পাকিস্তানত যোৱা ২৪ঘণ্টাত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৬১ হেজাৰ লোক । মৃত্যু হৈছে ১৩শৰো অধিকৰ । বাংলাদেশ চৰকাৰে জনোৱা অনুসৰি, অহা ৩১ মে’ৰ পৰা নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে দেশখনৰ কাৰ্য্যালয় আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থা পুনৰ মুকলি কৰা হ’ব।

Exit mobile version