দেশৰ সীমা সুৰক্ষা বাহিনীত কৰ্মৰত জোৱান তথা শিৱসাগৰৰ দিচাং ধাই আলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং চাউলকৰা বামবাৰীৰ নিৱাসী কমল লাহন আৰু জুৰি লাহনৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ লাহন(৩৪) ২৯ মে’ত বিয়লি জম্মু কাশ্মীৰৰ পলেৰা নামৰ ঠাইত কোৱাৰেন্টাইন কেন্দ্ৰত থকা অৱস্থাত বাথৰুমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি অহা এক খবৰে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷ দুপৰীয়া ভিডিঅ’ কলিঙত পত্নী আৰু দুই কন্যাৰ লগত কথা পাতি থকা ৰাজীৱ লাহনে হঠাৎ আত্মহত্যাৰ দৰে পথ বাছি লোৱা ঘটনাটোক সহজভাৱে ল’ব পৰা নাই নিজ পৰিয়ালে ৷ ২০০৭ চনত চাকৰিত যোগদান কৰা ভাৰতীয় সেনা বাহিনীৰ বি এচ এফ ৯৮ /ৰেজিমেণ্টৰ ৰাজীৱ লাহনে ছমাহ পূৰ্বে জম্মু কাশ্মীৰৰ পলেৰাত যোগদান কৰিছিল ৷ ইয়াৰ পূৰ্বে তেওঁ কোচ বিহাৰত কৰ্মৰত আছিল । স্বভাৱত নম্ৰ, পৰিয়ালৰ প্ৰতি দায়িত্বশীল বুলি পৰিচিত থকা জোৱানজন মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ অসমলৈ অনা হৈছে বুলি জানিব পৰা গৈছে ৷ ৩১ মে’ত নিজ গৃহ পাবহি ৰাজীৱ লাহনৰ মৃতদেহ ৷
জম্মু কাশ্মীৰৰ কোৱাৰেন্টাইন কেন্দ্ৰত সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ আত্মহত্যা
-
By publisher

816762330
ADVERTISEMENT
Related Content
ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
By
publisher
May 14, 2025
ড্র'ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’!
By
publisher
May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
By
publisher
May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
By
publisher
May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
By
publisher
May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স'তে বাৰ্তালাপ
By
publisher
May 14, 2025