তলাবন্ধত ৰাজ্যৰ এম এছ এম ই খণ্ডত মাধমাৰ

employees who intend quit work with resignation letters quit change job leaving office unemployment resigned concept 1423 3703

ঔদ্যোগীকৰণৰ ক্ষেত্ৰত অতি পাছপৰা ৰাজ্য অসমত অতি ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগেই মূল ভূমিকা গ্ৰহণ কৰি আছে ৷ ৰাজ্যৰ উদ্যোগ বিভাগৰ তথ্য অনুসৰি অসমত পঞ্জীয়নকৃত আৰু পঞ্জীয়ন নথকা এনে উদ্যোগৰ সংখ্যাও কমেও এক লাখ ৷ শতাংশ হিচাপত ৰাজ্যৰ উদ্যোগিক ক্ষেত্ৰখনৰ ৯৯.৯ শতাংশই হ’ল এম এছ এম ই৷ এই উদ্যোগসমূহ অসমৰ মুঠ ঘৰুৱা উৎপাদনলৈ আগবঢ়োৱা বৰঙনিৰ হাৰ হ’ল ৩৯ শতাংশ ৷ কিন্তু দীঘলীয়া তলাবন্ধৰ ফলত এনে উদ্যোগসমূহলৈ নামি আহিছে অশনি সংকেত । ফলস্বৰূপে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত কমেও ২৫ লাখ লোকৰ জীৱন জীৱিকাও অনিশ্চয়তাৰ গৰাহত সোমাই পৰিছে । চৰকাৰে সকলো উদ্যোগ মুকলিৰ অনুমতি দিছে ৷ কিন্তু কেৱল তেনে অনুমতি দিলেই পৰিবেশ স্বাভাৱিক নহয় । তেন্তে কেতিয়ালৈ উভতিব পূৰ্বৰ পৰিবেশ? তলাবন্ধৰ মাধমাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ ভিতৰত পৰিবেশ স্বাভাৱিক নহয় বুলি মন্তব্য কৰে এম এছ এম ইৰ লগত জড়িত উদ্যোগটোৱে ৷

ঔধ্যোগিক সংগঠন ফেডাৰেশ্যন অৱ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্ছ অৱ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন (ফাইনাৰ)ৰ সভাপতি পবিত্ৰ বুঢ়াগোহাঁইয়ে মন্তব্য কৰে যে চৰকাৰে উদ্যোগ চলোৱাৰ অনুমতি দিলেও পৰিবেশ গঢ়ি উঠিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব ৷বুঢ়াগোহাঁইয়ে কয় “প্ৰথমতে উৎপাদিত সামগ্ৰীৰ বজাৰ গঢ়ি উঠিব লাগিব  ৷ তাৰ ভিত্তিতহে উৎপাদন চলিব ৷কেতিয়াও নভবা,নিচিন্তা কৰা পৰিবেশৰ আমি সন্মুখীন হৈছো । জটিল এই পৰিবেশে উদ্যোগবোৰৰ শ্ৰমিক কৰ্মচাৰীৰ পুনৰ সংস্থাপনটো মাধমাৰ দিছে ৷পৰিবেশ পৰিস্থিতি পূৰ্বৰ দৰে স্বাভাৱিক নোহোৱালৈকে কোনো উদ্যোগৰ বাবে পূৰ্বৰ সম্পূৰ্ণ কৰ্মচাৰী নিয়োগ কৰাটো সম্ভৱ নহয় বুলি দৈনিক অগ্ৰদূত কাকতৰ আগত মন্তব্য কৰে খাদ্য সংসাধন উদ্যোগ এটি স্বতাধিকাৰীয়ে ৷ ইপিনে ক’ভিড১৯ ৰ বাবে উদ্যোগবোৰ বন্ধ হোৱাত বহিঃৰাজ্যৰ পৰাও যথেষ্ট সংখ্যক অসমলৈ উভতি আহিছে । এনে পৰিবেশে আগন্তুক দিনত পৰিস্থিতি অধিক উদ্বেগজনক কৰি তোলাটো নিশ্চিত ৷ বন্ধ উদ্যোগ আনকি বন্ধ হোৱাটোহে আশংকা কৰা হৈছে ৷

Exit mobile version