শ্ৰমিক ব্যৱসায়ীলৈ নামিছে সংকট

সমগ্ৰ দেশ জুৰি কৰ’নাই সকলোকে আতংকিত কৰিছে ৷ অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে সকলো দিশ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো কৰ’নাই প্ৰভাৱ পেলাইছে। যাৰ কাৰণে জিলাখনত বহু ব্যৱসায়ীয়ে নতুন ব্যৱসায় বাণিজ্যত জড়িত হৈ পৰিছে। মৰিগাঁও জিলাৰ মাজমজিয়াত থকা ৰমেন কলিতাই উপাৰ্জনৰ সম্বল হোটেলখন তলাবন্ধৰ কাৰণে খুলিব নোৱাৰি শাক পাছলিৰ ব্যৱসায় কৰিছে। ৰমেনে এই প্ৰসং কয় “কি কৰিম, উপায় নাই ৷ আমিতো কিবা এটা কৰি খাবই লাগিব। আমাৰ দৰে সৰু মানুহৰ খবৰ ল’বলৈ কোনোবা আছে জানো?কৰ’না প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধই আমাক নতুন শিক্ষা দিছে ।যি শিক্ষাই দিছে নতুন কৰ্ম আৰু জীৱন ৷

ৰমেন কলিতাৰ দৰে প্ৰসেন হাজৰিকাই টেন্ট হাউচৰ ব্যৱসায় কৰি নিজৰ লগতে আন দহজনৰ পৰিয়ালক জীৱন নিৰ্বাহ কৰাত সহায় কৰিছিল। কিন্তু তলাবন্ধই প্ৰসেন হাজৰিকাৰ ব্যৱসায়ত ইতি পেলোৱাৰ উপক্ৰম হৈছে । যাৰ কাৰণে প্ৰসেনে কৃষি কাৰ্যত মনোনিৱেশ কৰিছে । প্ৰসেনে কয় ” চেষ্টা কৰিছো কিবা এটা কৰাৰ ৷ তলাবন্ধত টেন্ট ব্যৱসায় একেবাৰে বন্ধ ৷ কেতিয়ালৈ তলাবন্ধ খুলিব তাৰ নিশ্চয়তা নাই। গতিকে এনেয়ে বহি নাথাকি খেতি কাৰ্যতে ধৰিছো। প্ৰসেনে লগতে কয় যে অসমীয়া যুৱকে চাকৰি আশা বাদ দি স্বাৱলম্বীতাৰ আদৰ্শ গঢ়ি তোলক। আনহাতে জিলাখনৰ ভকতগাঁও,তেলাহী,কপাহেৰা আদিতো বহু নিবনুৱাই ব্যৱসায় পৰিৱৰ্তন কৰি নতুন চিন্তা আৰু আদৰ্শৰে সজীৱ কৰি তুলিছে ৷গতিকে তলাবন্ধই সলনি কৰি পেলাইছে ৰমেন আৰু প্ৰসেনহঁতৰ জীৱন ৷

Exit mobile version