প্ৰতিষেধক আৱিষ্কাৰৰ পাছতো বিশ্বত কেবা দশকলৈকে থাকি যাব কৰ’না ভাইৰাছ

3coronavirus 82

কৰ’নাৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাবে অহৰহ চেষ্টা চলাই গৈছে বিশ্বৰ একাধিক দেশৰ শতাধিক বিজ্ঞানীয়ে। কিন্তু কেতিয়াকৈ বিশ্ববাসীয়ে লাভ কৰিব কৰ’নাৰ প্ৰতিষেধক সেয়া এতিয়াও নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত মার্কিন যুক্তৰাষ্ট্ৰৰ বিভিন্ন সংবাদপত্ৰত প্ৰতিবেদনো প্ৰকাশ পাইছে। ‘দ্য ৱাছিংটন পষ্ট’ত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে কৰ’না প্ৰতিষেধক আৱিষ্কাৰৰ পাছতো হয়তো কেবা দশক জুৰি পৃথিৱীত থাকি যাব কৰনা ভাইৰাছ। যোৱা ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কৰ’না ভাইৰাছ সংক্ৰমণ এই পৰ্যন্ত পূৰ্ণগতিত অব্যাহত আছে। কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধত কোনো সফলতা লাভ কৰা নাই।

হাম, চিকেন পক্স, এইচ আই ভি আদিৰ উদাহৰণেৰে চিকাগো বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে জনোৱা অনুসৰি কৰ’না ভাইৰাছ অতি সোনকালে নিয়ন্ত্ৰণলৈ অহাৰ আশা ক্ষীণ।অৱশ্যে সকলো মহামাৰীৰ ক্ষেত্ৰত এনে হোৱা দেখিবলৈ পোৱা যায়। এনে আশংকাৰ মাজতে আশাৰ বাৰ্তাও দিছে মাৰ্কিন বিশেষজ্ঞ সকলে। ‘ৱাছিংটন পষ্টৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি কৰ’নাক লৈ ভৱিষ্যতে হয়তো পৰিস্থিতি বৰ্তমানতকৈ যথেষ্ট উন্নত হ’ব। লাহে লাহে শক্তিহীন হৈ পৰিব কৰ’না ভাইৰাছ। মানৱ শৰীৰত এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পৰাকৈ প্ৰতিৰোধ শক্তিৰো উদ্ভৱ হ’ব। সময়ত হয়তো কৰ’নাৰ বিৰুদ্ধে প্ৰতিষেধকমূলক একাধিক ঔষধৰো আৱিষ্কাৰ হ’ব। অথবা বর্তমান পৃথিৱীত বহু ভাইৰাছ সুপ্ত অৱস্থাত থকাৰ দৰে ক’ভিড-১৯ ৰ ক্ষেত্ৰতো একে ঘটনাই ঘটিব।

Exit mobile version