ফেচবুক পেজ পৰ্যন্ত থকা বাঘিনীৰ কাহিনী

নাম আছিল মছলী ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পশু প্ৰেমীসকলৰ কাৰণে পৰিচিত মুখ ৷ জীৱিতকালত নানান কীৰ্তিৰ বাবে “লেডী অৱ দ্য লেকচ”, “ক্ৰ’ক’ডাইল কিলাৰ”, “টাইগাৰ কুইন অৱ ৰণথাম্ভোৰ’ আদি উপাধিও অৰ্জন কৰিছিল ৷ সেই মছলী হৈছে এজনী বাঘিনী । ৰাজস্থানৰ ৰণথাম্ভোৰ ৰাষ্ট্ৰীয় উদ্যান আছিল এই ঢেকীয়াপতীয়া বাঘিনীজনীৰ বিচৰণ ক্ষেত্ৰ । ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৩৫০ বৰ্গমাইল অঞ্চলজুৰি আছিল তাইৰ ৰাজত্ব ৷ ৰণথাম্ভোৰ’ অৰণ্যত মছলীৰ প্ৰভাৱ আছিল সৰ্বজনবিদিত৷ জনপ্ৰিয়তাও আছিল প্ৰচুৰ ৷ ১৯৯৭ ত জন্ম হোৱা মছলীৰ মুখ আৰু কাণৰ কাষত মাছৰ আকৃতিৰ দাগ আছিল । সেইবাবেই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তাইৰ নাম মছলী ৰাখিছিল । এই অদ্ভুত দাগেই মছলীৰ সৌন্দৰ্য কে’বাগুণে বৃদ্ধি কৰিছিল । পোৱালি অৱস্থাৰ পৰাই মছলী আছিল সাহসী ৷ মাত্ৰ দুবছৰ বয়সৰ পৰাই তাই অকলে চিকাৰ কৰিবলৈ আৰম্ভ কৰিছিল ৷

লাহে লাহে পৰাও পৃথক হৈ অকলে থাকিবলৈ লয় ৷ তেতিয়াই মছলীয়ে নিজৰ অঞ্চল এটা গঢ়ি লয় । আনকি মাকৰ অঞ্চলতো চিকাৰ কৰিছিল । কিছুদিনৰ পাছত বাম্বু ৰাম নামৰ এটা শক্তিশালী বাঘৰ স’তে মছলীৰ মিলন হয় । জন্ম হয় সুন্দৰী, ব্ৰ’কেন টেইল আৰু শ্লান্ট য়াৰ নামৰ তিনিটা পোৱালিৰ ৷ ২০০১ ত পোৱালিকেইটা মছলীৰ পৰা আঁতৰি যায় । তাৰ আগতেই বয়সৰ বাবে মৃত্যু হৈছিল বাম্বু ৰামৰ ৷ তাৰ পাছত বাম্বু ৰামৰ অঞ্চলটো দখল কৰি লয় মছলী আৰু নিক য়াৰ নামৰ এটা পূৰ্ণ বয়স্ক বাঘে। নিক য়াৰৰ স’তে হোৱা মিলনৰ পৰিণতিত মছলীয়ে ২০০২ত জন্ম দিয়ে ঝুমুৰু আৰু ঝুমৰি নামৰ দুটা পোৱালিহ৷পৰৱৰ্তী সময়ত মছলীৰ এক্স মেল নামৰ আন এটা বাঘৰ স’তেও মিলন হৈছিল ৷ এইদৰে মুঠ ১১ টা পোৱালি জন্ম দি মছলীয়ে ৰণথাম্ভোৰত বাঘৰ সংখ্যা বৃদ্ধিত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল । কেৱল পোৱালি জন্ম দিয়েই নহয় পৰ্যটক,পশুপ্ৰেমীৰ মাজত জনপ্ৰিয়তাৰ বাবেও মছলীয়ে ৰণথাম্ভোৰৰ কৰ্তৃপক্ষৰ পৰা বিশেষ গুৰুত্ব লাভ কৰিছিল । মছলী যিদৰে ধুনীয়া আছিল ৷ সেইদৰে কেমেৰাৰ সন্মুখতো আছিল স্বাচ্ছন্দ্য ।

চৰকাৰী তথ্য অনুসৰি মছলীৰ অসামান্য জনপ্ৰিয়তাৰ বাবেই ভাৰত চৰকাৰে ১৯৯৮ ৰ পৰা ২০০৯ পৰ্যন্ত ৭৫৫ কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । তাইৰ ক্ষিপ্ৰতা, শক্তিৰ নিদৰ্শন ইন্টাৰনেটতো বিয়পি আছে ৷২০০৩ত মছলীয়ে অকলে যুঁজ কৰি এটা ১৪ ফুট দীঘল বিশাল ঘঁৰিয়ালক হত্যা কৰিছিল ।অৱশ্যে সেই যুদ্ধত তাইৰ দাঁতৰো ক্ষতি হয় । তথাপি অন্যান্য হিংস্ৰ প্ৰাণীৰ পৰা নিজৰ পোৱালিক ৰক্ষা কৰাৰ কাহিনী বিশ্বৰ সৰ্বত্ৰে জনপ্ৰিয় । প্ৰকৃতিলৈ আগবাঢ়োৱা অসাধাৰণ অৱদানৰ বাবে মছলীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ ২০১৩ চনত কেন্দ্ৰীয় চৰকাৰে তাইৰ ফ’টো ডাকঘৰ আৰু লেফাফাৰ ষ্টাম্পত প্ৰকাশ কৰিছিল ।

অৱশ্যে ২০১৪ ৰ পৰা ৰণথাম্ভোৰৰ ৰাণীয়ে নিজৰ শক্তি হেৰুৱাবলৈ ধৰে । তাই ক্ৰমাৎ দুৰ্বল হৈ পৰিবলৈ ধৰে । শেষ বয়সত তাইৰ দৃষ্টি শক্তিও হ্ৰাস পাইছিল । ফলত নিজৰ অঞ্চলৰ দখল হেৰুৱাবলৈ ধৰে ৷ অৱশেষত ২০১৬ ৰ ১৮ আগষ্টত ১৯ বছৰ বয়সত মছলীৰ মৃত্যু হয়। মৃত্যুৰ দিশতো মছলী আছিল সকলোতকৈ আগত ৷ কাৰণ সাধাৰণ ঢেকীয়াপতীয়া বাঘৰ বয়স হয় ১০ ৰ পৰা ১৫ বছৰ ৷ কিন্তু মছলী তাতকৈ বহু বেছিদিন জীয়াই আছিল ৷ উল্লেখযোগ্য যে মছলীৰ নামত আছে এটা ফেছবুক পেজ ৷ তাতো তাইৰ অনুৰাগীৰ সংখ্যা কম নহয় । মছলীক কেন্দ্ৰ কৰি কে’বাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে । ইয়াৰ ভিতৰত “দ্য ৱৰ্ল্ডছ ম’ষ্ট ফেমাছ টাইগাৰ” নামৰ তথ্যচিত্ৰখন ৷ এইখনে ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁও লাভ কৰিছিল । বাঘৰ সংখ্যা বৃদ্ধিত অৱদান,সাহসিকতা আৰু জনপ্ৰিয়তাৰ বাবে ৰণথাম্ভোৰৰ ইতিহাসত মছলীৰ নাম চিৰস্মৰণীয় হৈ ৰ’ব ৷

Exit mobile version