মহাকাশলৈ ঐতিহাসিক যাত্ৰা

নাছাৰ দুই জ্যোতিবিজ্ঞানীক কঢ়িয়াই মহাকাশলৈ উৰা মাৰিলে ‘ফেলকন-৯’ এ

মহাকাশ যাত্ৰাৰ বাণিজ্যিক ইতিহাসত এক নতুন যুগৰ সূচনা কৰি আমেৰিকাৰ পৰা মহাকাশলৈ উৰিল স্পেচ এক্স-ৰ #SpaceX ৰকেটযান ফেলকন ৯-এ #Falcon9। বিলিয়নিয়েৰ উদ্যোগী ইলন মাস্কৰ প্ৰচেষ্টা আৰু নাছাৰ সহযোগত  এই অভিযান। আমেৰিকাই এই যাত্ৰাক ঐতিহাসিক ঘটনা বুলি অভিহিত কৰিছে।

◆বাণিজ্যিক মহাকাশ যাত্ৰাত এক নতুন অধ্যায় ৰচনা কৰি যোৱা নিশা পূৰ্ব নিৰ্ধাৰিত সময় অনুযায়ী মহাকাশলৈ গতি কৰিলে ‘ফেলকন – ৯’ নামৰ ৰকেটযান। অৰ্বু্দপতি উদ্যোগী ইল’ন মাস্কৰ’ স্পেচ এক্স ‘এ নিৰ্মাণ কৰা ‘ফেলকন – ৯’ নামৰ ৰকেটযানখনে দুজন আমেৰিকানক কঢ়িয়াই যাত্ৰা আৰম্ভ কৰে।’ নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন’ৰ ডগ হাৰ্লে আৰু বব বেনকেনে ‘ফেলকন – ৯’ ৰকেটযানৰ ওপৰত অৱস্থিত বুলেট আকৃতিৰ ড্ৰেগন কেপছুলত বহি মহাকাশলৈ উৰা মাৰে। মহাকাশৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ দিশলৈ তেওঁলোক ৰাওনা হৈছে। ‘স্পেচ এক্স’ৰ এই যাত্ৰাক ঐতিহাসিক আখ্যা দিছে আমেৰিকাই। সময় তেতিয়া নিশা এক বাজি এক মিনিট। পূৰ্ব নিৰ্ধাৰিত অনুসৰি, ‘ফেলকন – ৯’ ৰকেট উৎক্ষেপণ কৰে আমেৰিকাই।

◆মহাকাশলৈ ৰাওনা হোৱাৰ মাত্ৰ ছয় মিনিটৰ পাছতে ‘ফেলকন – ৯’ ৰকেটৰ পৰা বিছিন্ন হৈ আগুৱাই যায় ড্ৰেগন কেপছুল । গতি বৃদ্ধি কৰি এতিয়া ই আগুৱাই গৈছে পৃথিৱীৰ কক্ষপথৰ দিশলৈ। ‘স্পেচ এক্স’ৰ মহাকাশ যাত্ৰাত আমেৰিকাই ঐতিহাসিক আখ্যা দিছে কিয়নো অন্য দেশৰ সাহাৰ্য্য অবিহনে মাৰ্কিন ব্যক্তিগত গৱেষণা সংস্থা ‘স্পেচ এক্স’-এ সমগ্ৰ অভিযানৰ পৰিকল্পনা প্ৰস্তুত কৰে। অৱশ্যে এই উদোগত ‘স্পেচ এক্স’ক সহায়ৰ হাত আগবঢ়াই নাছাই। নাছাৰ মুৰব্বী জিম. ব্ৰিডেনষ্টাইনে কয়, ‘প্ৰথমবাৰৰ বাবে কোনো ব্যক্তিগত সংস্হাই অভিযানৰ এনে বৃহৎ উদ্যোগ গ্ৰহণ কৰিছে। দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। সঠিকভাৱে আগবাঢ়িলে ব্ৰেনকেন আৰু হালেই প্ৰায় ১৯ ঘণ্টাত আন্তজাৰ্তিক মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব।

◆তেওঁলোকে ২১০ দিন তাত কটাব পাৰিব বুলি প্ৰাথমিকভাৱে পৰিকল্পনা কৰা হৈছে। তেওঁলোকে তাত ভৰি থোৱাৰ পাছত পৰৱৰ্তী পৰিকল্পনা নিশ্চিত কৰা হ’ব। ‘

 

 

Exit mobile version