মহাৰাষ্ট্ৰৰ পৰা চাইকেলেৰে আহি মুছলপুৰত উপস্থিত হ’ল দুই যুৱক

will lockdown extended in india

তলাবন্ধৰ মাজতে মহাৰাষ্ট্ৰত নাচিকত আৱদ্ধ হৈ থকা শ্ৰমজীৱী দুই যুৱক চাইকেলেৰে আহি উপস্থিত হয় মুছলপুৰৰ উজিৰবাৰীত ৷ যোৱা ন মে’ত সুদুৰ মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা চাইকেলেৰে  গৃহভূমিলৈ যাত্ৰা কৰিছিল মুছলপুৰ উজিৰবাৰীৰ বলেন বড়ো আৰু হিৰণ্য ৰামছিয়াৰী নামৰ যুৱক দুজনে ৷ বলেন আৰু হিৰণ্যই দীৰ্ঘদিন ধৰি নাচিকৰ এটি ব্যক্তিগত কোম্পানীত কাম কৰি আছিল । কিন্তু মহামাৰী কৰ’নাক প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে এই দুই যুৱক আৱদ্ধ হৈ পৰে মহাৰাষ্ট্ৰৰ নাছিকত ৷

ইয়াৰ পিছতে যুৱক দুজনে দুখন চাইকেল ক্ৰয় কৰি নাচিকৰ পৰা ন মে’ত যাত্ৰা কৰিছিল গৃহাভিমুখে । অৱশেষত চৈধ্য দিনৰ অন্তত  শনিবাৰে নিজ গাঁৱত আহি উপস্থিত হয়হি বলেন আৰু হিৰণ্য ৰামছিয়াৰী ৷ যাত্ৰাপথত তেওঁলোকক কোকোৰাঝাৰত স্কেনিং কৰি ঘৰলৈ অহাৰ অনুমতি দিয়াত দুয়োজনে নিজ গৃহত উপস্থিত হোৱাৰ পিছতেই গাঁৱবাসীয়ে দুয়োকে ততালিকে স্থানীয় এখন বিদ্যালয় গৃহত আছুতীয়াকৈ ৰাখিছে  ৷ আৰু খাদ্যৰ যোগান ধৰিছে গাঁৱবাসীয়ে ।

Exit mobile version