কেতিয়া শিক্ষা ল’ব মহানগৰীৰ চিটীবাছে ?

IMG 20200601 204858

চৰকাৰৰ ক’ভিড-১৯ ক প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া নিৰ্দেশনাক তাচ্ছিল্য কৰি আজি মহানগৰীৰ চিটী বাছত দেখা গ’ল ৫০ শতাংশতকৈ অধিক যাত্ৰী ৷ কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া তৃতীয় পৰ্যায়ৰ তলাবন্ধ পিছতে মহানগৰীত আৰম্ভ হৈছিল যান বাহনৰ চলাচল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাত  মহানগৰীত ৫০ শতাংশ চিটী বাছৰ চলাচল কৰাৰ উপৰিও বাচসমূহত যাত্ৰীসকলে সামাজিক দূৰত্ব মানি চলিবলৈ কোৱা হৈছিল ৷ অৰ্থাৎ এখন চিটী বাছত কেৱল ৫০ শতাংশ যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব ৷ থিয় হৈ কোনো যাত্ৰীয়ে যাত্ৰা কৰিব নোৱাৰিব ৷ কিন্তু চৰকাৰৰ সেই নিৰ্দেশনাক উপলুঙা কৰি একাংশ চিটীবাছে যাত্ৰীক থিয় কৰোৱাই নিয়া দৃশ্যই  এক ভয়াৱহ ভবিষ্যতৰ আগজাননী দিছে ৷ কাৰণ ইতিমধ্যে অসমত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

সেই সময়তে চৰকাৰে ৰাজ্যৰ খাটি খোৱা লোকসকলক কিছু সকাহ দিবলৈ পঞ্চম পৰ্যায়ৰ তলাবন্ধ বহু পৰিমাণে শিথিল কৰি দিছে ৷ লগতে ৰাজ্যবাসীক মাস্ক, ছেনিটাইজাৰ, সামাজিক দূৰত্ব মানি চলিবলৈও আহ্বান কৰিছে ৷ কিন্তু একাংশ চিটীবাছৰ কণ্ডাক্টৰসমূহে মাস্কসমূহ মুখৰ পৰিৱৰ্তে ডিঙিতহে পৰিধান কৰিছে । লগতে কিছুসংখ্যক বাছত নাই যাত্ৰীসকলৰ নাম পঞ্জীয়ন কৰা ব্যৱস্থা।অনাগত দিনত যদি মহানগৰীৰ চিটী বাছত অহা যোৱা কৰা কোনো যাত্ৰী কৰ’না ভাইৰাছত আক্ৰান্ত হয় তেনেহ’লে ভৱিষ্যতৰ পৰিস্থিতি কি হ’ব সেয়া সহজেই অনুমেয় । ইফালে পূৰ্বতেও মহানগৰীৰ চিটী বাছসমূহৰ কৰ্মকাণ্ডই বাতৰিৰ শিৰোনামা দখল কৰি থাকে ৷ কিন্তু সমগ্ৰ বিশ্বক ধৰাশায়ী কৰাৰ ক’ভিড-১৯ ৰ সময়তো একাংশ চিটীবাছৰ এনেধৰণৰ কাণ্ডত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version