কেবিনেটৰ বৃহৎ সিদ্ধান্ত

hqu1mbbg pm cabinet meeting

দেশৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২১ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ পাছত আজি কেন্দ্ৰীয় কেবিনেটে কৃষকৰ বাবে আন এক বৃহৎ ঘোষণা কৰে ৷ পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ মাজতে আজি কেন্দ্ৰীয় কেবিনেটে অতি ক্ষুদ্ৰ আৰু মধ্যম শ্ৰেণীৰ উদ্যোগৰ বাবে বিশেষ সিদ্ধান্তত অনুমোদন জনায় । আজি সিদ্ধান্ত অনুসৰি কৃষকসকল ৫০ ৰ পৰা ৮৩ শতাংশ অধিক লাভাৱান্বিত হ’ব । কিয়নো আজি কেন্দ্ৰীয় চৰকাৰে ১৪  প্ৰকাৰৰ শস্যৰ বাবে ন্যূনতম সমৰ্থিত মূল্য ঘোষণা কৰে  ৷ কেন্দ্ৰীয় চৰকাৰে ১৪ প্ৰকাৰৰ শস্যৰ বাবে ন্যূনতম সমৰ্থিত মূল্য ঘোষণা কৰে।

কেন্দ্ৰীয় চৰকাৰে কয় যে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থিত মূল্য অৰ্থাৎ এম এছ পিৰ সিদ্ধান্তত কেবিনেটে অনুমোদন দিয়াৰ ফলত ৫০ ৰ পৰা ৮৩ শতাংশ ধন কৃষকে লাভ কৰিব ৷ ২০২০ -২০২১ অৰ্থাৎ চলিত অৰ্থ বৰ্ষত ধান আদি শস্যৰ মূল্য প্ৰতি কুইন্টলত ৫৩ টকা বৃদ্ধি কৰি ১,৮৬৮ টকা কৰা হয়। এই তথ্য সদৰী কৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ টোমৰে । তদুপৰি কপাহৰ ক্ষেত্ৰতো এতিয়া ২৬০ টকা বৃদ্ধি হৈ প্ৰতি কুইন্টলত এম এছ পি হ’ব ৫,৫১৫ টকা । কেন্দ্ৰীয় কৃষিমন্ত্ৰী টোমৰে আন এক ঘোষণা কৰি কয় যে কৃষকৰ ঋণ পৰিশোৰ চূড়ান্ত সময়সীমা আগষ্টলৈ বৃদ্ধি কৰা হৈছে ৷ তদুপৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষকসকলে নতুন ঋণ ল’ব পাৰিব আৰু তেওঁলোকে নিজ ইচ্ছা অনুসৰি খেতি কৰিব পাৰিব ৷

২০১৮ -১৯ বৰ্ষত কেন্দ্ৰীয় বাজেটত চৰকাৰে কৃষকসকলৰ বাবে উপযুক্ত মূল্য নিৰ্ধাৰণৰ বিষয়ে ঘোষণা কৰাৰ পাছত এতিয়া খাৰিফ অৰ্থাৎ গ্ৰীষ্মকালীন উৎপাদিত শস্যৰ এম এছ পি নিৰ্ণয় কৰিলে ৷ কৃষি ব্যৱস্থা সূচল কৰি ৰখাৰ কাৰণে আৰু বিভিন্ন তৰপৰ শস্য উৎপাদনৰ বাবে চৰকাৰে কৌশল নিৰ্ধাৰণ কৰিছে । ইপিনে এম এছ এম ইৰ সন্দৰ্ভত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ঘোষণা কৰা দুটা পেকেজত অনুমোদন দিয়ে কেবিনেটে । এই মৰ্মে এতিয়াৰে পৰা যিসমূহ উদ্যোগৰ মূলধন এক কোটি আৰু বাৰ্ষিক লেনদেন পাঁচ কোটি টকা সেইসমূহ হ’ব অতি ক্ষুদ্ৰ উদ্যোগ। তদুপৰি ক্ষুদ্ৰ উদ্যোগৰ বিনিয়োগৰ পৰিমাণ ১০ কোটিলৈ বৃদ্ধি কৰা হৈছে । আৰু বাৰ্ষিক লেনদেন ৫০ কোটি টকা । মধ্যমীয়া উদ্যোগৰ মূলধন বছৰি ২০ কোটিলৈ বৃদ্ধি কৰা হৈছে ৷ বাৰ্ষিক লেনদেন হ’ব এশ কোটি ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰে কয় যে প্ৰধানমন্ত্ৰীৰ স্বনিধি নামৰ আঁচনিৰ জৰিয়তে পদপথৰ ব্যৱসায়ী, ঠেলাৱালা, হকাৰ, ৰিক্সাৱালাকে ধৰি ৫০ লক্ষাধিক লোক উপকৃত হ’ব ৷ মাহেকীয়া কিস্তিত নগৰীয়া জীৱিকাৰ আঁচনিৰ অধীনত এনে পদপথৰ ব্যৱসায়ী আদিয়ে ১০ হেজাৰ টকালৈ ঋণ ল’ব পাৰিব।

Exit mobile version