তলাবন্ধত বিধ্বস্ত বিবাহ ভৱনৰ ব্যৱসায়

unnamed

তলাবন্ধত ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ আন এটা ব্যৱসায় হ’ল বিভিন্ন বিয়া নাইবা অভ্যৰ্থনাৰ জৰিয়তে হেজাৰ হেজাৰ নিবনুৱাক কৰ্মসংস্থাপন দি অহা বিবাহ ভৱনসমূহ। অপ্ৰতিৰোধ্য ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যোৱা ২৪ মাৰ্চৰ পৰা বলৱৎ হোৱা তলাবন্ধৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হয় এই ব্যৱসায় ৷ কৰ’না প্ৰতিৰোধৰ একমাত্ৰ উপায় সামাজিক দূৰত্ব বাধ্যতামূলক হোৱাৰ পৰিপ্ৰেক্ষিতত সমাগম বন্ধ হৈ পৰাৰ ফলস্বৰূপে ৰাজ্যৰ তিনিশৰো অধিক বিবাহ ভৱনত সকলো ধৰণৰ অভ্যৰ্থনা অনুষ্ঠান বন্ধ হৈ আছে । উল্লেখযোগ্য যে এই বিবাহ ভৱনমূহত উপাৰ্জনৰ উৎকৃষ্ট সময় মাঘ ফাগুণ আৰু ব’হাগ জেঠ ৷ বিশেষকৈ ব’হাগ জেঠতে সৰ্বাধিক উপাৰ্জনৰ জৰিয়তে কোনোমতে বছৰটো পাৰ কৰোৱা কৰ্মচাৰীসকলৰ চলিত বৰ্ষত কৰ’নাৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে ৷

তলাবন্ধৰ ফলত ৰাজ্যৰ অধিক সংখ্যক বিবাহ ভৱনত জুলাই পৰ্যন্ত ১৫ ৰ পৰা ২০ খন বিয়া নাইবা অভ্যৰ্থনা বাতিল কৰিবলগীয়া হয় ৷ যাৰ ফলত একোটা বিবাহ ভৱনৰ ৰূপসজ্জা,বিদ্যুৎ,পানী,খাদ্য বিভাগ,শব্দ যন্ত্ৰ আদিত কমেও ৫০ জনকৈ নিয়োজিত হৈ থকা লোক আজি দুমাহৰো অধিক সময় কৰ্মহীন হৈ পৰাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৷ পঞ্চম পৰ্যায়ৰ তলাবন্ধ আজিৰে পৰা আৰম্ভ হৈছে যদিও বিবাহ ভৱন খোলাৰ অনুমতি দিয়া নাই। তেনেস্থলত অক্টোবৰ নবেম্বৰলৈ এই ভৱনসমূহ বন্ধ হৈ থকাৰ সম্ভাৱনা অধিক। ৰাজধানী মহানগৰীত সকলো নথি পত্ৰৰে চলি থকা ১১২ টা বিবাহ ভৱন যোৱা মাৰ্চৰ পৰা বন্ধ হৈ আছে ।

উল্লেখযোগ্য যে তলাবন্ধৰ সময়ছোৱাত বিদ্যুত বিভাগে বিবাহ বিবাহ ভৱনসমূহৰ বিদ্যুত বিল পৰিশোধ কৰাৰ ক্ষেত্ৰত মানসিকভাবে নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ৷উল্লেখযোগ্য যে মহানগৰীৰ অধিকাংশ বিবাহভৱনৰ বিদ্যুতৰ বিল ১০ হেজাৰতকৈ অধিক আৰু তলাবন্ধৰ সময়ত বন্ধ হৈ থকাৰ পাছতো তাতকৈ বেছিকৈ আহিছে বিদ্যুতৰ বিল ।এই ক্ষেত্ৰত সংশ্লিষ্ট পক্ষক অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । ইফালে জাবৰ নিষ্কাসনৰ বাবে বন্ধ হৈ থকাৰ পাছতো পৌৰ নিগমক মাহে তিনি হেজাৰকৈ টকা প্ৰদান কৰি আহিছে বিবাহ ভৱনসমূহে ৷

Exit mobile version