তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৩ গৰাকী ক’ভিড-১৯ ৰোগীক ঘৰলৈ প্ৰেৰণ

WhatsApp Image 2020 06 01 at 9.39.18 PM

আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্ৰথম ১৩ গৰাকী ক’ভিড-১৯ আক্ৰান্ত ৰোগীক তেওঁলোকৰ লেলাউটি পৰীক্ষাৰ ফলাফল দুবাৰকৈ নিগেটিভ অহাৰ আধাৰত আৰু ক’ভিড-১৯ ডিছচাৰ্জ প্ৰ’ট’ক’ল অনুসৰি নিজ গৃহলৈ যাবলৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷ আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আয়োজন কৰা এক সভাত শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় ৷ সভাত ঢেকিয়াজুলিৰ বিধায়ক আশোক সিংঘাল, জিলা উপয়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালিকা ডা০ কৃষ্ণা কেম্প্ৰাই, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ডা° কৰুণা হাজৰিকা আৰু অধীক্ষক ডা° মাধৱ ৰাজবংশীৰ লগতে অনান্য বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

উল্লেখযোগ্য যে এই ১৩ গৰাকী লোকক অহা ১৪ দিনলৈ হোম কোৱাৰেন্টাইনত থাকিবলৈ দিয়া হৈছে আৰু ঘৰলৈ প্ৰেৰণ কৰাৰ পূৰ্বে তেওঁলোকৰ হাতত হোম কোৱাৰেন্টাইনৰ ষ্টাম্প মৰা হয় ৷ শোণিতপুৰ জিলা প্ৰশাসনে তেওঁলোকক নিজ নিজ গৃহ জিলালৈ উভতি যাবলৈ যাতায়তৰ সুবিধা প্ৰদান কৰে ৷ আজি মুকলি কৰা ১৩ গৰাকী লোক হৈছে লখিমপুৰ ঢকুৱাখানৰ মূলাৰাম সোমল, লক্ষ্য সোনোৱাল, ঘনকান্ত সোনোৱাল, শোণিতপুৰ ছাৰিদুৱাৰৰ সুশীল বড়ো, উদালগুৰিৰ ভাগ্যৱতী ভূমীজ, গহপুৰৰ সঞ্জীৱ কুটুম, দৰঙৰ চফিকুল আলি, শোণিতপুৰ ঢেকিয়াজুলিৰ চাইফুল ইছলাম, মুস্তাফা কামান আৰু ফৰিদুল ইছলাম, শোণিতপুৰ বোকাজানৰ আদিত্য সিঙ, তেজপুৰ ৰাবাৰ বাগানৰ বিশাল মণ্ডল আৰু শোণিতপুৰ পুঠিমাৰিৰ প্ৰণতি দাস ৷

Exit mobile version